உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কেইটামান টকাৰ বাবেই বাল্যবন্ধুক নৃশংসভাৱে হত্যা কৰিছিল কেশৱে, হত্যা কৰি টুকুৰা-টুকুৰ কৰিছিল বন্ধুৰ শৰীৰ

    কেইটামান টকাৰ বাবেই বাল্যবন্ধুক নৃশংসভাৱে হত্যা কৰিছিল কেশৱে, হত্যা কৰি টুকুৰা-টুকুৰ কৰিছিল বন্ধুৰ শৰীৰ

    যোৱা ৫ মাৰ্চত নগাঁৱৰ পুৰণিগুদামৰ নৱজ্যোতি গায়ন নামৰ এজন যুৱকে ছুইফট ডিজায়াৰ গাড়ী লৈ যোৱাৰ পিছতেই নিৰুদ্দেশ হৈছিল।

    যোৱা ৫ মাৰ্চত নগাঁৱৰ পুৰণিগুদামৰ নৱজ্যোতি গায়ন নামৰ এজন যুৱকে ছুইফট ডিজায়াৰ গাড়ী লৈ যোৱাৰ পিছতেই নিৰুদ্দেশ হৈছিল।

    যোৱা ৫ মাৰ্চত নগাঁৱৰ পুৰণিগুদামৰ নৱজ্যোতি গায়ন নামৰ এজন যুৱকে ছুইফট ডিজায়াৰ গাড়ী লৈ যোৱাৰ পিছতেই নিৰুদ্দেশ হৈছিল।

    • Share this:
    মাথোঁ কেইটামান টকাৰ বাবেই একেখন গাঁৱৰে এজন অমায়িক যুৱকক নৃশংসভাৱে হত্যা কৰিছিল কেশৱ গায়ন নামৰ এজন যুৱকে। কেৱল হত্যা কৰিয়ে ক্ষান্ত থকা নাছিল, হত্যাৰ পিছত বন্ধুৰ শৰীৰৰ কেইবাটুকুৰা কৰি বস্তাত ভৰাই অচিন ঠাইত পেলাই দিছিল নৱজ্যোতিয়ে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ পুৰণিগুদামত।

    যোৱা ৫ মাৰ্চত নগাঁৱৰ পুৰণিগুদামৰ নৱজ্যোতি গায়ন নামৰ এজন যুৱকে ছুইফট ডিজায়াৰ গাড়ী লৈ যোৱাৰ পিছতেই নিৰুদ্দেশ হৈছিল। এদিন পিছতেই নৱজ্যোতিৰ ছিন্ন-বিছিন্ন মৃতদেহ অসম-নাগালেণ্ড সীমান্তৰ বোকাজানৰ ৰে’ল লাইনত উদ্ধাৰ হৈছিল। এই ঘটনাৰ পিছতেই সমগ্ৰ পুৰণিগুদাম অঞ্চলৰ ৰাইজ শোকস্তব্ধ হৈ পৰিছিল।

    গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰা নৱজ্যোতি অঞ্চলটোৰ ৰাইজৰ মাজত এগৰাকী অমায়িক যুৱক হিচাপে পৰিচিত আছিল। কিন্তু নৱজ্যোতিৰ এনে নৃশংস হত্যাকাণ্ডই সমগ্ৰ পুৰণিগুদাম বাসীৰ মনতে প্ৰশ্নৰ সৃষ্টি কৰিছিল। কোনে কিয় ইমান নৃশংসভাৱে নৱজ্যোতিক হত্যা কৰিলে তাক লৈ সকলো ক্ষোভিত হৈ পৰিছিল। সকলোৰে দাবী আছিল নৱজ্যোতিৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগে। অৱশেষত শুকুৰবাৰে নিশা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে নৱজ্যোতিৰ হত্যাত জড়িত তিনি অভিযুক্তক।

    কেনেকৈ ৰচনা হৈছিল নৱজ্যোতিৰ হত্যাৰ ব্লুপিণ্ট?

    প্ৰায় ১৫বছৰে গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰা নৱজ্যোতি এগৰাকী অতি সচেতন যুৱক আছিল। ডিমাপুৰলৈ গাড়ী ভাড়া নিয়াৰ চলেৰে বহু চালকক গাড়ী চুৰি চক্ৰই হত্যা কৰাৰ বহু ঘটনা পূৰ্বতে সংঘটিত হোৱাৰ বাবেই নৱজ্যোতিয়ে সাধাৰণতে অচিনাকী ব্যক্তিৰ সৈতে ভাড়া ঠিক কৰাৰ ক্ষেত্ৰত অতি সাৱধান আছিল। সেয়ে গাঁৱৰ ওচৰ-চুবুৰীয়া কেশৱ গায়নে নৱজ্যোতিৰ ছুইফট ডিজায়াৰ গাড়ীখন ভাড়াত বিচৰাত নৱজ্যোতিয়ে বিনাদ্বাধাই মান্তি হৈছিল। কিন্তু নৱজ্যোতিয়ে কল্পনাও কৰা নাছিল যে কেইটামান টকাৰ বাবেই ওচৰ-চুবুৰীয়া বন্ধু নৃশংস ভাৱে তেঁওক হত্যা কৰিব?

    অৱসৰপ্ৰাপ্ত এছএছবিৰ জোৱান দীপাংকৰে ৰচিছিল হত্যাৰ ব্লুপিণ্ট :

    শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ অৱসৰপ্ৰাপ্ত এছএছবিৰ জোৱান দীপাংকৰ কোঁচেই ৰছিচিল নৱজ্যোতিৰ হত্যাৰ ব্লুপিণ্ট। দীপাংকৰৰ সুসম্পৰ্ক আছিল চামগুৰিৰ গাড়ীচালক মিণ্টু বৰাৰ সৈতে। মিণ্টু বৰাৰ সম্বন্ধীয় তথা নৱজ্যোতিৰ ওচৰ-চুবুৰীয়া কেশৱ গায়নে গাড়ী ভাড়ালৈ নি চুৰি কৰা কাৰ্যত সহায় কৰিছিল মিণ্টুক। মিণ্টুয়ে দীপাংকৰৰ সহায়ত চুৰি গাড়ী বিক্ৰী কৰিছিল ডিমাপুৰত। এইদৰেই এই তিনি পাষণ্ডই চলাই গৈছিল কুকাৰ্য। ইতিমধ্যে তিনিওকে চামগুৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৫নং ধাৰাত ৰুজু হৈ থকা ৮৮/২০২১নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

    কেনেকৈ আৰক্ষীয়ে লাভ কৰিলে ক্লু?

    নৱজ্যোতিৰ নৃশংস হত্যাকাণ্ডৰ পিছতো ক্ষান্ত হোৱা নাছিল এই তিনি অপৰাধী। শেহতীয়াভাৱে নগাঁৱৰ আৰু ৪জন চালকক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল এই তিনি পাষণ্ডই। ইয়াৰে কেইবাগৰাকীও চালকে আৰক্ষীৰ লগত যোগাযোগ কৰাত উদ্ঘাটন হ'ল নৱজ্যোতিৰ হত্যাৰ ৰহস্য। এতিয়া পুৰণিগুদামৰ ৰাইজে তিনিওকে চৰম শাস্তি বিহাৰ বাবে মহামান্য আদালতক অনুৰোধ জনাইছে।
    Published by:Sanjay Kumar Das
    First published: