உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হ'ল সাংবাদিক অৰ্ণৱ ডেকা

    সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হ'ল সাংবাদিক অৰ্ণৱ ডেকা

    মাজতে স্বাস্থ্যৰ সামান্য উন্নতি হৈছিল যদিও যোৱানিশা প্ৰায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰিলে অৰ্ণৱে।

    মাজতে স্বাস্থ্যৰ সামান্য উন্নতি হৈছিল যদিও যোৱানিশা প্ৰায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰিলে অৰ্ণৱে।

    মাজতে স্বাস্থ্যৰ সামান্য উন্নতি হৈছিল যদিও যোৱানিশা প্ৰায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰিলে অৰ্ণৱে।

    • Share this:
    সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হ'ল  সাংবাদিক  অৰ্ণভ ডেকা। শোকৰ বন্যাত ডুব গ'ল সৰ্থেবাৰী। উল্লেখ্য যে যোৱা  ১৬ আগষ্টত এক পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছিল সৰ্থেবাৰীৰ যুৱ সাংবাদিক অৰ্ণব ডেকা। ঘটনাৰ পিছতেই স্থানীয় ৰাইজৰ সহযোগত  অৰ্ণৱক সৰ্থেবাৰীস্থিত ত্ৰিশখন বিচনাযুক্ত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৰ্ণৱৰ অৱস্থা গুৰুতৰ হোৱাত  চিকিৎসকে তৎক্ষণাৎ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ  দিয়ে।

    পৰিয়ালৰ লোকে ততালিকে নলবাৰীৰ ডাঃ তপন ডেকাৰ সাৰথি হাস্পতালত ভৰ্তি  কৰে অৰ্ণৱক। সাৰথি হাস্পতালত  অৰ্ণৱৰ কিছু চিকিৎসা কৰাৰ পিছত অৰ্ণৱক গুৱাহাটী  মহানগৰীৰ জি এন আৰ চি হাস্পিতালত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। জি এন আৰ চি হাস্পতালৰ আই চি ইউ কক্ষত বিগত প্ৰায় এসপ্তাহে মৃত্যুৰে যুঁজি আছিল সৰ্থেবাৰী  অঞ্চলৰ সৰবৰহী যুৱক অৰ্ণৱে।

    মাজতে স্বাস্থ্যৰ সামান্য উন্নতি হৈছিল যদিও যোৱানিশা প্ৰায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰিলে অৰ্ণৱে। সৰবৰহী যুৱক অৰ্ণৱৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্ৰ  সৰ্থেবাৰী অঞ্চলত হাহাকাৰ লাগে। সততে সমাজৰ আৰ্তজনৰ কাষত থিয় হোৱা অৰ্ণৱে অবৈধ সুৰাৰ বেহা উচ্ছেদ কৰাৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে এক সংগ্ৰাম গঢ়ি তুলিছিল। যাৰ বাবে কম দিনতে ৰাইজৰ প্ৰিয়ভাজন হৈ পৰিছিল।

    বিগত প্ৰায় এবছৰ ধৰি সংবাদ সেৱাৰ লগত জড়িত হৈ আছিল অৰ্ণৱ। যিকোনো সামাজিক  কাম–কাজত আগভাগ লোৱা অৰ্ণৱৰ মৃতদেহ গুৱাহাটীৰ পৰা আহি পোৱাৰ লগে লগে সৰ্থেবাৰী নতুন বজাৰত হাজাৰ হাজাৰ মানুহ গোট খায় আৰু অৰ্ণৱক শেষবাৰৰ বাবে  প্ৰত্যক্ষ কৰে। সৰ্থেবাৰী আঞ্চলিক যুৱ শক্তিৰ লগতে, সৰ্থেবাৰী আঞ্চলিক ছাত্ৰ সন্থা, ভিক্টৰ গ্ৰুপ, সৰুক্ষেত্ৰী কেন্দ্ৰীয়  আঞ্চলিক ছাত্ৰ সন্থা, সৰুক্ষেত্ৰী আঞ্চলিক শিল্পী সমাজ, সৰ্থেবাৰী প্ৰেছ ক্লাব আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে উপস্থিত  শ শ ৰাইজে সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। সৰ্থেবাৰী ৰাজহুৱা শ্মশানত অৰ্ণৱৰ শেষকৃত্য সম্পন্ন কৰা হয়।
    Published by:Sanjay Kumar Das
    First published: