অকালতে হেৰাই গ’ল এটি প্ৰতিভা! অৱশেষত কৰুণ মৃত্যুক সাৱটি ল’লে যুৱ সাংবাদিক মানস মহন্তই

বিগত বৰ্ষত মাতৃহাৰা হোৱা মানস মহন্ত আছিল পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান।
বিগত বৰ্ষত মাতৃহাৰা হোৱা মানস মহন্ত আছিল পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান।
- News18 Assam
- Last Updated: September 26, 2020, 9:20 PM IST
যোৱা ১৭ ছেপ্তেম্বৰত নিজ ঘৰৰ পৰা স্কুটীৰে জাজৰি অভিমুখে ওলাই অহা অৱস্থাতে দুৰ্ঘটনাত পতিত হোৱা সাংবাদিকগৰাকীয়ে মূৰ আৰু বুকুত বেয়াকৈ আঘাত পাইছিল। সেইদিনাই অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰা হৈছিল মানসক। প্ৰায় ১১ দিন আই চি ইউত ভৰ্তি হৈ থকাৰ পিছত আজি মানস মহন্তই মৃত্যুক সাৱটি লয়।
মানসৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে অসমৰ সংবাদ মাধ্যম। মানসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মাৰ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই। বিগত বৰ্ষত মাতৃহাৰা হোৱা মানস মহন্ত আছিল পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান।