ভুলবশতঃ নগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ'ল ৰাজিবুল হক নামৰ শালপাৰাৰ যুৱকজন। নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই News18ক জনোৱা অনুসৰি, ৰূপহীহাট আৰক্ষীৰ দুটা দলে সোমবাৰে নিশা দুই দুৰ্ধৰ্ষ ডকাইতৰ সন্ধানত অভিযান চলাইছিল। ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ৰায়ৰ নেতৃত্বত এটা দলে গুণাবাৰীত অভিযান চলাই পিষ্টল আৰু দুজাই সজীৱ গুলী সহ জামালউদ্দিনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন এটা অভিযানকাৰী দলে শিঙিমাৰীত জহিৰুল ইছলাম নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰিছিল।
পিছে জহিৰুলক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দলটোক দেখি ৰাজিবুল ইছলাম নামৰ শালপাৰাৰ এজন যুৱকে মটৰ চাইকেল লৈ পলায়ন কৰাৰ চেষ্টা কৰে। আৰক্ষীয়ে ৰাজিবুলৰ মটৰ চাইকেলৰ চকালৈ গুলী কৰিছিল যদিও তেওঁৰ ভৰিত আৰক্ষীৰ গুলীয়ে আঘাত কৰে।
গুলীবিদ্ধ ৰাজিবুলক নগাঁও আৰক্ষীয়ে প্ৰথমে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ স্থানান্তৰ কৰে। নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই News18ক জনোৱা অনুসৰি, ৰাজিবুলৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেঁওৰ চিকিৎসাৰ দায়িত্ব নগাঁও আৰক্ষীয়ে লৈছে।
উল্লেখযোগ্য যে, পূৰ্বেও নগাঁও আৰক্ষীৰ গুলীত কীৰ্তিকমল বৰা নামৰ এজন নিৰীহ যুৱক আহত হৈছিল যাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|