পৰীক্ষাৰ ফলাফলৰ পূৰ্বেই  পাঁচ দিনতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা এৰি দিয়া লোকৰ দেহত কোৰোণা 

News18 Assam | News18-Assam
Updated:May 22, 2020, 8:33 AM IST
পৰীক্ষাৰ ফলাফলৰ পূৰ্বেই  পাঁচ দিনতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা এৰি দিয়া লোকৰ দেহত কোৰোণা 
এদিনতে ধুবুৰীত চাৰিজন যুৱকৰ দেহত কোৰোণা পজিটিভ ওলোৱাত ৰাইজ আতংকিত হৈ পৰিছে।

এদিনতে ধুবুৰীত চাৰিজন যুৱকৰ দেহত কোৰোণা পজিটিভ ওলোৱাত ৰাইজ আতংকিত হৈ পৰিছে।

  • Share this:
স্বাস্থ্যমন্ত্ৰীয়ে কোৱাৰেণ্টাইন ব্যৱস্থা কঠোৰ কৰাৰ কথা ঘোষণা কৰাৰ  সময়তে ইয়াৰ বিপৰীত ছবি দেখা গৈছে কোকৰাঝাৰ আৰু ধুবুৰীত। নমুনা লোৱা লোকৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ পূৰ্বেই  মাত্ৰ সাত আৰু পাঁচদিনৰ ভিতৰত  ঘৰলৈ যাবলৈ  দিয়া চাৰিজনৰ দেহত ওলাল কোৰোণা পজিটিভ। উক্ত ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত  হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

এদিনতে ধুবুৰীত চাৰিজন যুৱকৰ দেহত কোৰোণা পজিটিভ ওলোৱাত ৰাইজ আতংকিত হৈ পৰিছে। বৃহস্পতিবাৰে জিলাখনৰ  গৌৰীপুৰ থানাৰ অন্তৰ্গত পাণবাৰীৰ নিকটৱৰ্তী দালানেৰ আলগা গাঁৱৰ ছাদ্দাম হুছেইন (২০) আৰু মিৰাজুল হক (২৩)ৰ দেহত কোৰোণা পজিটিভ ধৰা পৰে।

খবৰ অহাৰ লগে লগে আৰক্ষী আৰু প্ৰসাশনে ঘটনাস্থলীত উপস্থিত হৈ দুয়োজন যুৱককে বৰপেটা মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। এই দুয়ো যুৱক মহাৰাষ্ট্ৰৰ পৰা এসপ্তাহ পূৰ্বে আহি কোকৰাঝাৰত কোৱাৰেণ্টাইন হৈ আছিল। কিন্তু তেওঁলোকৰ নমুনা পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই ঘৰলৈ পঠাই দিয়া ঘটনাক লৈ স্থানীয় ৰাইজে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে, নিশা পুনৰ জিলাখনৰ তামাৰহাট থানাৰ অন্তৰ্গত নাটাবাৰী আৰু তলুৱা গাঁৱৰ দুজনকৈ যুৱক জাহাংগীৰ আলম(১৮) আৰু ৰফিকুল হক(২৬) কোৰোণাত আক্ৰান্ত হোৱাৰ বাতৰিয়ে পুনৰ আৰক্ষী আৰু প্ৰসাশনৰ মাজত হাহাকাৰ লাগাইছে। পিছত যুৱক দুজনক তেওঁলোকৰ নিজ গৃহৰ পৰা উদ্ধাৰ কৰি আৰক্ষীয়ে 108 এম্বুলেঞ্চযোগে বৰপেটা মেডিকেল কলেজলৈ পঠাই দিয়ে।
উল্লেখযোগ্য যে তমাৰহাটৰ ক'ৰোণা পজিটিভ দুজন দিল্লীৰ পৰা পাঁচ দিন পূৰ্বে আহিছিল আৰু তেওঁলোকক ধুবুৰী জিলাৰ চাপৰ মাদ্ৰাছাত কোৱাৰেন্টাইন কৰি ছোৱাব সংগ্ৰহ কৰা হৈছিল।
কিন্ত ছোৱাব পৰীক্ষাৰ তথ্য অহাৰ পূৰ্বেই মাত্ৰ চাৰিদিনতে কিয় তেওঁলোকক ঘৰলৈ বাছ যোগে আহিব দিয়া হ'ল সেয়া লৈ বিভিন্ন জনে প্ৰশ্ন উৎথাপন কৰিছে।ইপিনে তেওঁলোকৰ লগত একেখন বাছত অহা ব্যক্তিৰ সন্ধানত নিশাৰ পৰাই প্ৰসাশনে তথ্য সংগ্ৰহত ব্যস্ত হৈ পৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading