পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী টিংকুমণি দাস এজন লেখক হিচাপেও পৰিচিত আছিল৷ গল্প, কবিতাৰ জৰিয়তে নিজৰ সাহিত্য প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছিল৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী টিংকুমণি দাস এজন লেখক হিচাপেও পৰিচিত আছিল৷ গল্প, কবিতাৰ জৰিয়তে নিজৰ সাহিত্য প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছিল৷
বৰপেটাৰ পাটবাউসীত লোমহৰ্ষক হত্যাকাণ্ড। পাটবাউসীত হাত–ভৰি বন্ধা অৱস্থাত সোমবাৰে নিশা পুখুৰীৰ পৰা উদ্ধাৰ এজন যুৱকৰ মৃতদেহ৷ মৃত যুৱকজন পাটবাউসী দামোদৰদেৱ সত্ৰৰ সমীপৰ টিংকুমণি দাস৷ দীপক দাস নামৰ লোকজনৰ ঘৰৰ পুখুৰীৰ পৰা SDRF বাহিনীৰ জোৱানে উদ্ধাৰ কৰে মৃতদেহটো৷
ঘৰৰ কাষৰে দীপক দাসৰ দুই পুত্ৰসহ আন কেইবাজনো লোকে টিংকুমণি দাসক হত্যা কৰাৰ অভিযোগ ৷ দীপক দাসৰ পৰিয়ালৰ সৈতে মাটিৰ সীমাক লৈ হোৱা মনোমালিন্যৰ বাবেই হাত–ভৰি বান্ধি পুখুৰীত পেলাই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ৷
দীপক দাসৰ দুই পুত্ৰ সত্যজিৎ দাস আৰু কিচক দাসে যুৱকজনক হত্যা কৰাৰ অভিযোগ৷
আনহাতে, হত্যাকাণ্ডৰ সৈতে পংকজ দাস, আনন্দ দাস, কুলজিৎ দাস, দৰ্পন দাস, নিলীমা দাস আৰু বিনোদ নামৰ লোককেইজন জড়িত থকাৰ অভিযোগ টিংকুমণিৰ পৰিয়ালৰ।
অভিযুক্ত বিনোদ দাসৰ বিৰুদ্ধে পূৰ্বেও আছে হত্যাৰ অভিযোগ৷ বৰপেটা চহৰৰ এজন যুৱকক হত্যাৰ অভিযোগত কাৰাবাস খাটি আহিছে বিনোদ দাসে৷ পৰিয়াল দুটাৰ মাজত চলি থকা সীমা বিবাদ মীমাংসাৰ বাবে আজি মণ্ডল আহি মাটিৰ সীমা চমজাই দিয়াৰ কথা আছিল৷ পিছে সীমাৰ কাজিয়া মীমাংসাৰ এদিন পূৰ্বেই আনটো পৰিয়ালৰ লোকে টিংকুমণি দাসক হত্যা কৰাৰ অভিযোগ মৃত যুৱকজনৰ পৰিয়ালৰ লোকৰ৷
পৰিয়ালৰ লোকে জনোৱা মতে, সোমবাৰে সন্ধিয়া ৭ মান বজাত টিংকুমণি দাস ঘৰৰ পৰা বাটলৈ ওলাই আহিছিল৷ টিংকুমণি দাস ঘৰৰ পৰা ওলাই অহাৰ সময়ত ঘৰৰ সন্মুখত এখন অটোত সন্দেহজনক অৱস্থাত বহি আছিল কেইজনমান কেইজন৷ উক্ত যুৱককেইজনেই টিংকুমণি দাসক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী টিংকুমণি দাস এজন লেখক হিচাপেও পৰিচিত আছিল৷ গল্প, কবিতাৰ জৰিয়তে নিজৰ সাহিত্য প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ টিংকুমণি দাসৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে পাটবাউসীবাসী৷ হত্যাত অভিযুক্ত সকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|