মহানগৰীৰ পাণ্ডুত হাহাকাৰ, তিনিদিন ধৰি সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

News18 Assam | News18-Assam
Updated:October 22, 2020, 7:11 PM IST
মহানগৰীৰ পাণ্ডুত হাহাকাৰ, তিনিদিন ধৰি সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ
পৰিয়ালৰ লোকে জানিব দিয়া মতে এয়া পৰিকল্পিত হত্যা কাণ্ড।

পৰিয়ালৰ লোকে জানিব দিয়া মতে এয়া পৰিকল্পিত হত্যা কাণ্ড।

  • Share this:
মহানগৰীত দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনাই অঘটন। মহানগৰীৰ পাণ্ডুৰ লক কলনিত তিনিদিন ধৰি সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ। যুৱকজন পাণ্ডুৰ কৃষ্ণ প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে। যাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাণ্ডুত। কৃষ্ণ প্ৰসাদ যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী থানাত অৱগত কৰিছিল যদিও কোনো সংসূত্র পোৱা নাছিল যুৱকজনৰ। কিন্তু কৃষ্ণ প্ৰসাদৰ বাইকখন দুদিন পূৰ্বে উদ্ধাৰ হৈছিল পাণ্ডুৰ বিদ্যা নিকেতনৰ ওচৰত আৰু বৃহস্পতিবাৰে পুৱাৰ ভাগত উদ্ধাৰ হৈছিল মৃতদেহ।

মৃতদেহ প্ৰত্যক্ষ কৰি জালুকবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হয়। পৰিয়ালৰ লোকে জানিব দিয়া মতে এয়া পৰিকল্পিত হত্যা কাণ্ড। কাৰণ সোমবাৰে সন্ধিয়াৰ ভাগত পাণ্ডুৰ লক কলনীৰ স্থানীয় তিনি যুৱকৰ লগত ঘৰৰ পৰা বাহিৰলৈ গৈছিল কৃষ্ণ প্ৰসাদ। পৰিয়ালৰ অভিযোগ, কিছুদিন পূৰ্বে কৃষ্ণ প্ৰসাদক হত্যাৰ ভাবুকি দিছিল স্থানীয় যুৱকে।

পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে যে স্থানীয় তিনিজন যুৱকে সোমবাৰে নিশাৰ ভাগত হত্যা কৰি নলাত পেলাই থয় কৃষ্ণক। এই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে সোধা–পোছাৰ বাবে দুজন যুৱকক আটক কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Published by: Sanjay Kumar Das
First published: October 22, 2020, 7:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading