দশমীৰ নিশা মৰিয়নীত নৃশংস হত্যাকাণ্ড, হাত-ভৰি বন্ধা অৱস্থাত পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ

News18 Assam | News18-Assam
Updated:October 27, 2020, 10:02 AM IST
দশমীৰ নিশা মৰিয়নীত নৃশংস হত্যাকাণ্ড, হাত-ভৰি বন্ধা অৱস্থাত পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ
মৃত যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া মতে, যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল বিকি।

মৃত যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া মতে, যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল বিকি।

  • Share this:
বিজয়া দশমীৰ উলহ-মালহৰ মাজতে মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত ঢেকিয়াজুলি চাহ বাগিচাৰ এটা পুখুৰীত হাত-ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে মৃত যুবকজন ঢেকিয়াজুলি চাহ বাগিচাৰ ১২নং লাইনৰ নিবাসী মঙলু মুণ্ডাৰ ২৪ বছৰীয়া পুত্ৰ বিকি মুণ্ডাৰ বুলি চিনাক্ত কৰিছে।

মৃত যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া মতে, যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল বিকি। আজি  বাগিচাৰ বৰ পুখুৰীত বিয়লি পাঁ‌চ মান বজাত স্থানীয় কেইজনমান লোকে উপঙি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।

এই সন্দৰ্ভত বাগিচাখনৰ শিৱ প্ৰসাদ ভূঞা ওৰফে গোপাল আৰু শান্তনু ৰাও নামৰ যুৱক দুজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি মৃত যুৱকজনৰ পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰিছে।
Published by: Sanjay Kumar Das
First published: October 27, 2020, 10:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading