• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত থানা চৌহদ, গ্ৰেপ্তাৰ যুৱতীসহ দুই অভিযুক্ত

হোজাইত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত থানা চৌহদ, গ্ৰেপ্তাৰ যুৱতীসহ দুই অভিযুক্ত

বৃহস্পতি বাৰে বিয়লি কামপুৰৰ কপিলী নদীত মুখ মণ্ডলত আঘাতপ্ৰাপ্ত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।

বৃহস্পতি বাৰে বিয়লি কামপুৰৰ কপিলী নদীত মুখ মণ্ডলত আঘাতপ্ৰাপ্ত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।

বৃহস্পতি বাৰে বিয়লি কামপুৰৰ কপিলী নদীত মুখ মণ্ডলত আঘাতপ্ৰাপ্ত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।

  • Share this:
হোজাইৰ বিক্ৰম চৌধুৰী নামৰ যুৱকৰ মৃতদেহ ৰহস্যজনক অৱস্থাত কপিলী নদীত উদ্ধাৰ হোৱা ঘটনাক লৈ আজি সন্ধিয়া উত্তপ্ত হৈ পৰে হোজাইৰ থানা চৌহদ। মৃতদেহ লৈ কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে হোজাই থানা চৌহদত প্ৰৱেশ কৰে। মৃতকৰ পৰিয়ালক ন্যায় দিয়াৰ লগতে সন্দেহজনক দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত কেইবাঘণ্টা হোজাই থানাৰ চৌহদ উত্তপ্ত কৰি তোলে।

উল্লেখ্য যে হোজাই থানাৰ অন্তৰ্গত বিহুতলীৰ মাহীয়েকৰ ঘৰত কেইবা বছৰৰ পৰা থকা মৃত বিক্ৰম চৌধুৰী দেওবাৰে মাহীয়েকৰ ঘৰৰ পৰা ক’ৰবালৈ বুলি ওলাই গৈছিল। আৰু তেতিয়াৰ পৰা যুৱকজন সন্ধানহীন হৈ পৰাত অভিভাৱকে ঘটনা সংক্ৰান্তত হোজাই থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ সময়তে বৃহস্পতি বাৰে বিয়লি কামপুৰৰ কপিলী নদীত মুখ মণ্ডলত আঘাতপ্ৰাপ্ত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।

মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ অন্তত পোনে পোনে মৃতদেহ হোজাই থানাত লৈ আনি দুই সন্দেহজনক অভিযুক্ত ক্ৰমে এগৰাকী যুৱতী আৰু সুৱম কৰ্মকাৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে। অৱশেষত প্ৰতিবাদস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী আৰু উপ–আৰক্ষী অধীক্ষক দীপ্তি মালী উপস্থিত প্ৰতিবাদকাৰীসকলৰ লগত আলোচনা কৰি  ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিয়াত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ইয়াৰ পিছত আৰক্ষীয়ে অভিযান চলাই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকে জানিবলৈ দিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি