প্ৰাঞ্জল কলিতাৰ ঘৰ নগৰবেৰাত৷ দীৰ্ঘদিনে ব্যৱসায়ী সত্যজ্যোতি ডেকাৰ মেনেজাৰৰূপে কৰ্মৰত আছিল যুৱকজন৷
প্ৰাঞ্জল কলিতাৰ ঘৰ নগৰবেৰাত৷ দীৰ্ঘদিনে ব্যৱসায়ী সত্যজ্যোতি ডেকাৰ মেনেজাৰৰূপে কৰ্মৰত আছিল যুৱকজন৷
মহানগৰীৰ বেলতলা তিনিআলিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড! জি ডি মীট শ্বপৰ মেনেজাৰ প্ৰাঞ্জল কলিতাক শোৱাপাটিতে নৃসংসভাৱে হত্যা কৰে দুৰ্বৃত্তই। মুখ, ডিঙি আৰু দেহৰ কেইবা স্থানত আঘাত কৰি হত্যা যুৱকজনক।
ঘটনা অনুসৰি, আন দিনাৰ দৰে দেওবাৰে নিশাও আহাৰ গ্ৰহণ কৰি শুই পৰিছিল জি ডি মীট শ্বপৰ মেনেজাৰ প্ৰাঞ্জল কলিতা৷ নিশা আহাৰ গ্ৰহণ কৰি টোপনি যোৱা যুৱকজন সোশৰীৰে সাৰ নাপালে৷ টোপনিৰ পৰা সাৰ পোৱাৰ পৰিৱৰ্তে উদ্ধাৰ হ’ল প্ৰাঞ্জলৰ ক্ষত–বিক্ষত মৃতদেহ৷ মূৰ, ডিঙিত গুৰুতৰভাৱে আঘাট কৰা প্ৰাঞ্জলৰ ৰুমৰ বাহিৰত উদ্ধাৰ হৈছিল পাৰ্চ৷
ঘটনাৰ সময়ত কোঠাৰ বাহিৰত সংযোজিত চিচিটিভিৰ সংযোগ কৰ্তন হৈছিল৷ প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। কিন্তু কোনে কৰিলে হত্যা প্ৰাঞ্জলক? আৰক্ষীৰ সঠিক তদন্ততহে স্পষ্ট হ’ব সকলো।
উল্লেখযোগ্য যে প্ৰাঞ্জল কলিতাৰ ঘৰ নগৰবেৰাত৷ দীৰ্ঘদিনে ব্যৱসায়ী সত্যজ্যোতি ডেকাৰ মেনেজাৰৰূপে কৰ্মৰত আছিল যুৱকজন৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|