• Home
  • »
  • News
  • »
  • assam
  • »
  • Firing Incident At Biswanath : বিশ্বনাথত ব্যৱসায়ীৰ পুত্ৰৰ দাদাগিৰি, হিন্দী চিনেমাৰ কায়দাৰে দুই ছাত্ৰলৈ লক্ষ্য কৰি ফুটালে গুলী

Firing Incident At Biswanath : বিশ্বনাথত ব্যৱসায়ীৰ পুত্ৰৰ দাদাগিৰি, হিন্দী চিনেমাৰ কায়দাৰে দুই ছাত্ৰলৈ লক্ষ্য কৰি ফুটালে গুলী

file photo

file photo

আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে পিষ্টলটো ৷

  • Share this:
বিশ্বনাথত এগৰাকী ব্যৱসায়ীৰ পুত্ৰৰ গুলীচালনাৰ ঘটনা পোহৰলৈ আহিছে। হিন্দী চিনেমাৰ কায়দাৰে  গুলী ফুটোৱা যুৱকজনৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে দুই ছাত্ৰ। বৰপুখুৰী চাহ বাগিচাৰ দুজন ছাত্ৰক প্ৰহাৰ কৰি তিনি জাঁই গুলী ফুটোৱাৰ অভিযোগ৷ গুলীচালনা কৰাৰ অভিযোগ উঠা ভবেন শইকীয়া নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Firing Incident At Biswanath) ৷

ঘটনাৰ বিৱৰণী মতে, ভবেনৰ সৈতে পাঁচজনীয়া এটা দলে গুলী ফুটাই মাৰপিট কৰিছিল দুই যুৱকক ৷ ভবেনৰ পুত্ৰৰ অন্নপ্ৰাসনত বিলনীয়াৰ দায়িত্বত থকা যুৱকক মোবাইল চুৰিৰ অপৰাধত কৰিছিল মাৰপিট ৷ মাৰপিট কৰাৰ লগতে অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে চলাইছিল গুলী ৷

বৃহস্পতিবাৰে সূৰ্যপূৰ বালিপুথুৰীত সংঘটিত হৈছিল ঘটনাটো ৷ চুলি কাটিবলৈ আহোঁতে ছাত্ৰ দুজনক ধৰি কৰিছিল গুলী ৷ কথমপি গুলি নালাগিল দুই ছাত্ৰৰ গাত ৷ অৱশ্যে ৰডেৰে মাৰ পিট কৰাৰ বাবে আঘাত পাইছে দুয়োজনে ৷

আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে পিষ্টলটো ৷ আঘাত লাভ কৰা এজন ছাত্ৰ উপস্থিত নাছিল পুত্ৰৰ অন্নপ্ৰাসনত। ভবেন শইকীয়া বিশ্বনাথৰ ব্যৱসায়ী অকণ শইকীয়াৰ পুত্ৰ ৷ কেইমাহমান পূৰ্বে অকণ শইকীয়াক আৰক্ষীয়ে মাটিৰ দালালিৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল আৰু সম্প্ৰতি জামিনত মুকলি লাভ কৰিছে ৷
Published by:Gautam Barman
First published: