নাহৰকটীয়াৰ জয়পুৰত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাল এজন যুৱক

News18 Assam | News18-Assam
Updated:June 30, 2020, 7:54 PM IST
নাহৰকটীয়াৰ জয়পুৰত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাল এজন যুৱক
যুৱকজনে গা ধুবলৈ যোৱাৰ পিছত বাথৰুমৰ পৰা ওলাই অহাৰ দৃশ্য চিচি টিভিত ধৰা পৰিছিল যদিও তাৰ পিছৰে পৰা কোনো শুংসূত্ৰ নাই যুৱকজনৰ।

যুৱকজনে গা ধুবলৈ যোৱাৰ পিছত বাথৰুমৰ পৰা ওলাই অহাৰ দৃশ্য চিচি টিভিত ধৰা পৰিছিল যদিও তাৰ পিছৰে পৰা কোনো শুংসূত্ৰ নাই যুৱকজনৰ।

  • Share this:
নাহৰকটীয়াৰ জয়পুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা এজন যুৱকৰ পলায়ন। দুপৰীয়া গা ধুবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈছিল যুৱকজন। উল্লেখযোগ্য যে গা ধুবলৈ যোৱাৰ পিছত বাথৰুমৰ পৰা ওলাই অহাৰ দৃশ্য চিচি টিভিত ধৰা পৰিছিল যদিও তাৰ পিছৰে পৰা কোনো শুংসূত্ৰ নাই যুৱকজনৰ।

দিল্লীৰ পৰা ২৬ জুনত ৰাজধানী এক্সপ্ৰেছযোগে আহি ডিব্ৰুগড় বাণীপুৰত নমুনা প্ৰদান কৰাৰ পিছত প্ৰশাসনে জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইনৰ বাবে পঠিয়াইছিল বাইপন কুমাৰ নামৰ ২২ বছৰ বয়সীয়া যুৱকজনক। উল্লেখযোগ্য যে কেন্দ্ৰটোত যুৱকজনে দিয়া তথ্য অনুসৰি, তেওঁ ডিব্ৰুগড় বিবেক হোটেলত কৰ্মৰত আছিল।

ইতিমধ্যে ঘটনা সন্দৰ্ভত কেন্দ্রটোৰ ভাৰপ্ৰাপ্ত বিষয়া জেহিৰুল হুছেইনে জয়পুৰ আৰক্ষী থানাত গোচৰ দিয়াৰ লগতে স্থানীয় দণ্ডাধীশ বিক্ৰম চেত্ৰী কেন্দ্ৰটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। ইফালে, এনেদৰে কোভিড পৰীক্ষাৰ ফলাফল অহাৰ আগতেই কেন্দ্ৰটোৰ পৰা পলায়ন কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ মাজত তীব্র আতংকৰ সৃষ্টি কৰিছে।
First published: June 30, 2020, 7:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading