টীয়কৰ মেলেং ছিগাত অঘটন। জাঁজীনদীৰ বাঢ়নী পানীত নাৱৰ পৰা পৰি এগৰাকী যুৱক সন্ধানহীন হৈছে ।এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই SDRF বাহিনীয়ে। সন্ধানহীন হৈ থকা যুৱকজন হাতীশাল মালা গাঁৱৰ প্ৰকাশ মালা। ঘটনাৰ বিৱৰণী অনুসৰি নিমাতীঘাটৰ পৰা গাঁৱৰ আন চাৰিজনসহ ঘৰুৱা বজাৰ কৰি উভতি আহোঁতেই হঠাৎ নাৱৰ পৰা ফেনেফোটোকাৰে বাঢ়ি অহা জাঁজীনদীত পৰি যায় ৩০ বছৰীয়া যুৱকজন।
দুটি সন্তানৰ পিতৃ তথা বিবাহিত যুৱকজনক লগত থকাকেইজনে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হয়।পাছত লাহদৈগড় আৰক্ষীৰ খবৰত ঘটনাস্থলীত SDRF উপস্থিত হৈ উদ্ধাৰৰ চেষ্টা চলায় যদিও এই পৰ্যন্ত শুংসূত্ৰ নাই যুৱকজনৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|