যোৰহাটৰ মনাইমাঝি গাঁৱৰ ভোগদৈ নদীত দেওবাৰে দুপৰীয়া সংঘটিত হয় এক অতি দুৰ্ভাগ্যজনক ঘটনা। ভোগদৈ নদীৰ দলঙৰ তলতে বন্ধুৰ সৈতে গা ধুবলৈ আহি সলিল সমাধি ঘটে এজন যুৱকৰ। যুৱকজন মনাইমাঝি গাঁৱৰ সমুজ্জ্বল বৰা ওৰফে ধন বুলি জানিব পৰা গৈছে।
ঘটনাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে। একাংশ স্থানীয় লোকে ভোগদৈৰ (Bhogdoi River) পানীত সন্ধানহীন হোৱা যুৱকজনৰ সন্ধানত অভিযান চলায়। এছ ডি আৰ এফ বাহিনীয়েও যুৱকজনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰে।
এগৰাকী স্থানীয় যুৱকে অৱশেষত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। হঠাৎ সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাই সমগ্ৰ অঞ্চলটোৰ লোকসকলক শোকাহত কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।