নগাঁৱৰ কলং নৈত শোকাৱহ ঘটনা। গা ধুবলৈ গৈ সলিল সমাধি ঘটিল যুৱকৰ৷ নগাঁও চহৰৰ খুটীকটীয়াত সংঘটিত হৈছে এই শোকাৱহ ঘটনা৷ মৃত যুৱক জনৰ নাম দীপ শৰ্মা৷ ঘৰ খুটীকটীয়াত৷
দুই বন্ধুৰ লগত কলঙত গা ধুই থাকোতেই পানীত উটি যায় যুৱকজন৷ পিছত স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ যুৱকজনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে নগাঁৱৰ খুটীকটীয়া অঞ্চলত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 19, 2022, 20:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।