মুখ্যপৃষ্ঠা »খবৰ »অসম »Youth Drawn in Beki River: বেঁকী নৈত গা ধুবলৈ গৈ বৰপেটাৰোডৰ যুৱকৰ সলিল সমাধি, প্ৰাণ ৰক্ষা আন চাৰিজনৰ

Youth Drawn in Beki River: বেঁকী নৈত গা ধুবলৈ গৈ বৰপেটাৰোডৰ যুৱকৰ সলিল সমাধি, প্ৰাণ ৰক্ষা আন চাৰিজনৰ

Youth Drawn in Beki River: সলিল সমাধি ঘটা বিশাল সাহা বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য কলেজত পঢ়ি আছিল ৷ নিজে কলেজত পঢ়ি থাকিও লোকৰ ঘৰত টিউচন কৰি নিজৰ পৰিয়ালৰ পোহপাল দি আহিছিল যুৱকজনে ৷ 

  • Share this:
বৰপেটাৰোডৰ বেঁকী নৈ (Beki River)ত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটাৰ লগতে আন চাৰিজন যুৱকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ সলিল সমাধি ঘটা যুৱকজনৰ নাম বিশাল সাহা বুলি জানিব পৰা গৈছে ৷ আটাইকেইজন যুৱক বৰপেটাৰোড (Barpetaroad) চহৰৰ ১ নম্বৰ ৱাৰ্ডৰ শাখাৰীপাৰাৰ বুলি জনা গৈছে ৷

দেওবাৰে দুপৰীয়া বৰপেটাৰোডৰ শাখাৰীপাৰাৰ সাতজন যুৱকে কেটেল ফাৰ্মৰ সমীপৰ বেঁকী নৈত গা ধুবলৈ গৈছিল ৷ বেঁকী নৈৰ কোবাল সোঁত দেখি দুজন যুৱকে বেঁকী নৈত গা ধুবলৈ নামা নাছিল ৷ আন পাঁচজন যুৱক ক্ৰমে বিশাল সাহা, গৌৰৱ সাহা, প্ৰকাশ সৰকাৰ, নিধেৱ ঘোষ আৰু আদিত্য ভৌমিকে বেঁকী নৈত গা ধুবলৈ নামিছিল ৷ গা ধুবলৈ নামি পানীত খেলি থকা সময়ত বেঁকীৰ কোবাল সোঁতত আটাইকেইজন যুৱক পানীত ডুবি গৈছিল ৷ সেইসময়ত কেটেল ফাৰ্মত ভিডিঅ' ছুটিং কৰিবলৈ যোৱা আশ্ৰফ উদ্দিন নামৰ লোকজনে যুৱক কেইজন পানীত ডুবা দেখি ততাতৈয়াকৈ বেঁকী নৈত নামি চাৰিজন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুৰ্ভাগ্যজনকভাৱে বিশাল সাহা নামৰ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহল ৷

পাছত স্থানীয় লোকে আৰক্ষীক অৱগত কৰাত আৰক্ষী আৰু এছ ডি আৰ এফ (SDRF) বাহিনীৰ লোক উপস্থিত হৈ বেঁকী নৈত বিশাল সাহাৰ সন্ধান অব্যাহত ৰাখিছে যদিও এই মূহৰ্তলৈকে বিশাল সাহাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ অন্যহাতে বেঁকী নৈৰ পৰা উদ্ধাৰ কৰা চাৰি যুৱকক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

সলিল সমাধি ঘটা বিশাল সাহা বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য কলেজত পঢ়ি আছিল ৷ নিজে কলেজত পঢ়ি থাকিও লোকৰ ঘৰত টিউচন কৰি নিজৰ পৰিয়ালৰ পোহপাল দি আহিছিল যুৱকজনে ৷

শেহতীয়া বাতৰি