দৰঙৰ ছিপাঝাৰ বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত ট্ৰাকৰ খুন্দাত থিতাতে নিহত হ'ল বাইক আৰোহী। এই বাইক আৰোহীগৰাকী আছিল সদ্য নিযুক্তিপ্ৰাপ্ত এগৰাকী যুৱক।
চাকৰিত যোগদান কৰাৰ পূৰ্বে পথ দুৰ্ঘটনাত তেওঁ মৃত্যুমুখত পৰে। এই কথা জানিব পাৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
নিহত যুৱকজন আছিল বৰদৌলগুৰি ককাইতোলাৰ উজ্জ্বল নাথ (২৬)। তেওঁ চতুৰ্থ বৰ্গৰ সদ্য নিযুক্তিপ্ৰাপ্ত চাকৰি প্ৰাৰ্থী আছিল।
ঘটনাৰ বিৱৰণী মতে, মঙলদৈৰ পৰা এজন বন্ধুৰ সৈতে সন্ধিয়া ঘৰ অভিমুখে আহিছিল যুৱকজন। বৰদৌলগুৰি চ'কত বিপৰীতমুখী ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হয় যুৱকজনৰ।নিজ বাসগৃহৰ কাষতে সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাৰ পিছতে উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : May 26, 2023, 21:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।