শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰি নদীত অঘটন। পকীৰ দলঙৰ ভগ্ন অংশ পৰা নৈত পৰি এজন যুৱকৰ কৰুণ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত কৰিছে তীব্ৰ চাঞ্চল্যৰ। নৈৰ বুকুত সন্ধানহীন যুৱকজনক উদ্ধাৰ কৰে স্থানীয় ৰাইজে।
যুৱকজনৰ নাম কৃষ্ণা বৰাইক (২৪)। উল্লেখ্য যে যোৱা ১৮ জুনত মিছমাৰী-বেলশিৰি-ঢেকীয়াজুল সংযোগী পথছোৱাৰ বৰবিল পাকুৰিগুৰি গাঁৱত বেলশিৰি নৈখনৰ ওপৰত থকা পকী দলংখনৰ এটা অংশৰ মাটি বাঢ়নী পানীয়ে খহাই নিছিল।
দলংখনৰ ভগ্ন অংশত লোক নিৰ্মাণ বিভাগে বিগত প্ৰায় চাৰি মাহে বিপদজনক সংকেতৰ ফলক আঁৰি নিদিয়াত আজি এনে ভয়াৱহ দুৰ্ঘটনাটি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
ইফালে বেলশিৰি নৈখনৰ ওপৰত থকা পকী দলংখনৰ সৈতে সাজি লোৱা বাঁহৰ দলংখনৰ ওপৰেদি অহা-যোৱা কৰি আহিছে প্ৰায় ৫২খন গাঁৱৰ ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে। বাঁহৰ দলংখনৰ পৰা পৰি একাংশ লোক আহত হোৱাৰ অভিযোগো উঠিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|