ৰে'লপথৰ ওপৰেৰে কাণত হেডফোন লগাই গান শুনি যোৱাই কাল হ'ল এজন যুৱকৰ। তীব্ৰবেগী ৰে'লে মহটিয়াই নিলে যুৱকক। মৰিয়নিৰ চেলেংহাটত পুৱাই সংঘটিত হয় এই অঘটন।
উজনিমুৱা যাত্ৰীবাহী ৰে'লৰ খুন্দাত মৃত্যুক সাৱটা যুৱকজন মৰাণৰ পথালিবাম চাওৰা লাইনৰ উমেশ চাওৰা (১৭)বুলি চিনাক্ত কৰা হৈছে। যুৱকজন চেলেংহাটৰ বৈছাহাবি চাওৰা লাইনৰ এঘৰলৈ ফুৰিবলৈ আহিছিল। কাণত ম'বাইলৰ হেড ফোন লগাই গান শুনি ৰে'লপথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত ৰে'লৰ হৰ্ন নুশুনাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।
ঘটনাস্থলীত চেলেংহাট আৰক্ষী আৰু মৰিয়নি ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|