বিয়া খাই উভতি আহি ঘৰ নাপালেহি জানু, তিনিচুকীয়াৰ তালাপত ভয়ংকৰ দুৰ্ঘটনা

News18 Assam | News18-Assam
Updated:October 25, 2020, 10:04 AM IST
বিয়া খাই উভতি আহি ঘৰ নাপালেহি জানু, তিনিচুকীয়াৰ তালাপত ভয়ংকৰ দুৰ্ঘটনা
ঘৰলৈ গৈ থকা অৱস্থাতেই তালাপৰ ব্যৱসায়ী মোহন সোণোৱালৰ ঘৰৰ সন্মুখত দুৰ্ঘটনাত পতিত হ'য় যুৱকজন।

ঘৰলৈ গৈ থকা অৱস্থাতেই তালাপৰ ব্যৱসায়ী মোহন সোণোৱালৰ ঘৰৰ সন্মুখত দুৰ্ঘটনাত পতিত হ'য় যুৱকজন।

  • Share this:
তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'য়। তালাপ টেঙাগাঁৱত এখন বিয়াৰ পৰা পুৱতিনিশা ২.৩০ মান বজাত নিজ গৃহ ডাঙৰীৰ লাউপতিলৈ বুলি AS 23 S 2284 নম্বৰৰ মটৰ চাইকেলেৰে গৈ আছিল জানু বৰা (২০) নামৰ যুৱকজন৷ ঘৰলৈ গৈ থকা অৱস্থাতেই তালাপৰ ব্যৱসায়ী মোহন সোণোৱালৰ ঘৰৰ সন্মুখত দুৰ্ঘটনাত পতিত হ'য় যুৱকজন।

দুৰ্ঘটনাত পতিত হৈ পুৱালৈকে পথৰ দাঁতিতেই পৰি থাকিল জানু বৰা নামৰ যুৱকজন মৃতদেহ৷ দুৰ্ঘটনাস্থলীত পুৱা তালাপ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
Published by: Sanjay Kumar Das
First published: October 25, 2020, 10:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading