সোণাৰিৰ ভজো বগৰীগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

News18 Assam | News18-Assam
Updated:July 26, 2020, 9:00 AM IST
সোণাৰিৰ ভজো বগৰীগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী
নিহত বাইক আৰোহীজনৰ নাম সুমিত ৰয় (১৮) বুলি জানিব পৰা গৈছে।

নিহত বাইক আৰোহীজনৰ নাম সুমিত ৰয় (১৮) বুলি জানিব পৰা গৈছে।

  • Share this:
চৰাইদেউ জিলাৰ সোণাৰিত ভয়াৱহ পথ দুৰ্ঘটনা। সোণাৰিৰ ভজো বগৰীগুৰিত সংঘটিত হ'ল এই ঘটনা। ডাম্পাৰৰ চেপাত নিহত হল এজন বাইক আৰোহী। নিহত বাইক আৰোহীজনৰ নাম সুমিত ৰয় (১৮) বুলি জানিব পৰা গৈছে। AS O4 P 5192 নম্বৰৰ বাজাজ পালছাৰ বাইকখনৰ সৈতে দুৰ্ঘটনা পতিত হৈ ৰাজপথত পৰি থকা অৱস্থাত এখন  ডাম্পাৰৰ চকা মূৰৰ ওপৰেৰে পাৰ হৈ যোৱাত যুৱকজনৰ থিতাতে মৃত্যু বুলি জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীয়ে। ঘটনা সংঘটিত হোৱাৰ পাছত সোণাৰি আৰক্ষী চকীত আত্মসৰ্মপণ কৰে ডাম্পাৰ চালক টানেশ্বৰ ফুকনে।
Published by: Sanjay Kumar Das
First published: July 26, 2020, 9:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading