• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰিত নিচাসক্ত যুৱকৰ তাণ্ডৱ, পথত বাইক পেলাই থৈ সোমাল এঘৰৰ বাথৰুমত, তাৰ পিছত...

সোণাৰিত নিচাসক্ত যুৱকৰ তাণ্ডৱ, পথত বাইক পেলাই থৈ সোমাল এঘৰৰ বাথৰুমত, তাৰ পিছত...

সান্ধ্য আইন ভংগ কৰি নিচাসক্ত যুৱকৰ দলে সোণাৰি নগৰত কেনেকৈ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ৰাইজে।

সান্ধ্য আইন ভংগ কৰি নিচাসক্ত যুৱকৰ দলে সোণাৰি নগৰত কেনেকৈ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ৰাইজে।

সান্ধ্য আইন ভংগ কৰি নিচাসক্ত যুৱকৰ দলে সোণাৰি নগৰত কেনেকৈ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ৰাইজে।

  • Share this:
সোণাৰিৰ বিভিন্ন প্ৰান্তত নিশা হ’লেই চলে ড্ৰাগছ আসক্ত বাইকাৰ্ছৰ অতপালি। আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট সোণাৰি নগৰবাসী। সান্ধ্য আইনৰ মাজতে নগৰখনৰ অলিয়ে–গলিয়ে নিৰ্বিঘ্নে ঘূৰি ফুৰে এনে একাংশ উদণ্ড যুৱক। সন্ধিয়া হোৱাৰ পিছতেই ড্ৰাগছ, সুৰা আদি সেৱন কৰি মাতাল হৈ এই উদণ্ড বাইকাৰ্ছসকলে আৰম্ভ কৰে সন্ত্ৰাস। সোণাৰি আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি বিনা বাধাই তীব্ৰগতিত বাইক চলাই বিচৰণ কৰি ফুৰে সোণাৰি নগৰত।

যোৱানিশা এই উদণ্ড বাইকাৰ্ছৰ দলৰ এজন যুৱকে নগৰখনৰ ৰজাঢাপ অঞ্চলত চলায় সন্ত্ৰাস। গভীৰ নিশা সন্দেহজনক পৰিস্থিতিত মাতাল যুৱকজন বাইকসহ বাগৰি পৰে পথৰ কাষত। নিশা ঘটনাৰ খবৰ পাই আৰক্ষীৰ দলে ওচৰৰে এঘৰৰ বাথৰুমত অৰ্ধনগ্ন হৈ লুকাই থকাৰ পৰা দেৱাশিস গোহাঁই নামৰ সোণাৰি শান্তিপুৰৰ মাতাল যুৱকজনক আটক কৰি আনে। শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চীন থকা যুৱকজনক আৰক্ষীয়ে নিশাই ৰাহস্যজনকভাৱে মুকলি কৰি দিয়ে।

আজি পুৱা ঘটনাটো সংঘটিত হোৱা স্থানত অতিষ্ঠ ৰাইজে এইসকল ড্ৰাগছ আসক্ত বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়। সান্ধ্য আইন ভংগ কৰি নিচাসক্ত যুৱকৰ দলে সোণাৰি নগৰত কেনেকৈ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ৰাইজে।

উল্লেখযোগ্য যে লকডাউনৰ মাজতে সোণাৰি নগৰৰ বিভিন্ন ঠাইত ড্ৰাগছ আৰু অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কি কাৰণত মৌনতা অৱলম্বন কৰি আছে ইয়াক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
Published by:Sanjay Kumar Das
First published: