পশুধন নিধন কাণ্ডত বাধা দিবলৈ যোৱা লোককো হত্যা কৰিবলৈ উদ্যত
পশুধন নিধন কাণ্ডত বাধা দিবলৈ যোৱা লোককো হত্যা কৰিবলৈ উদ্যত
শিৱসাগৰ কোঁৱৰপুৰত এজন যুৱকে চোকা অস্ত্ৰ লৈ এটাৰ পিছত এটাকৈ পশুধন নিধন কৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে ।
বিশ্বজিৎ বুঢ়াগোহাঁই নামৰ যুৱকজনে বহু দৰিদ্ৰ পৰিয়ালৰ গৰু কাটি বিস্তৰ ক্ষতি কৰাৰ পিছত মঙলবাৰে আৰক্ষীৰ জালত পৰে (killing cows at Sivasagar) ।
মঙলবাৰে বিয়লি অঞ্চলটোৰ ৰন্টু গগৈ নামৰ ব্যক্তিজনৰ দুটা গৰু কাটি তাণ্ডৱ সৃষ্টি কৰে বিশ্বজিৎ বুঢ়াগোহাঁয়ে । পশুধন নিধন কাণ্ডত বাধা দিবলৈ যোৱা লোককো হত্যা কৰিবলৈ উদ্যত হোৱা বুলি অভিযোগ স্থানীয় লোকৰ।
অৱশ্যে পিছত আৰক্ষীক খবৰ দিয়াত আটক কৰে বিকৃত মানসিকতাৰ যুৱকজনক।কোঁৱৰপুৰৰ কাড়িগাঁৱত ঘৰ যুৱকজনৰ। লক্ষণীয় যে যুৱকজনৰ বিৰুদ্ধে কোঁৱৰপুৰত বিগত সময়ছোৱাত ২৫-২৬ টা পোহনীয়া গৰু তথা পশুধন নিধন কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। লগতে গৰু নিধন কৰি তাণ্ডৱ চলোৱা বিশ্বজিৎ বুঢ়াগোহাঁইক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|