নলবাৰীত কিশোৰীক গোৰ শোধোৱা বিমল বৰ্মনক আটক

এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছিল বিভিন্নজনে।

News18-Assam
Updated:November 7, 2019, 9:05 AM IST
নলবাৰীত কিশোৰীক গোৰ শোধোৱা বিমল বৰ্মনক আটক
এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছিল বিভিন্নজনে।
News18-Assam
Updated: November 7, 2019, 9:05 AM IST
এগৰাকী কিশোৰীক নিৰ্মভাৱে গোৰ শোধোৱা নলবাৰীৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। মঙলবাৰে বতাহঘিলাত এহাল যুৱক–যুৱতীৰ লগতে এগৰাকী কিশোৰীক অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ সন্দেহত আটক কৰিছিল ৰাইজে। ৰাইজে সোধা–পোছা কৰি থকাৰ সময়তে বিমল বৰ্মন নামৰ যুৱকজনে কিশোৰীগৰাকীক শোধাইছিল প্ৰচণ্ড গোৰ।

এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছিল বিভিন্নজনে। তাৰ পিছতে আৰক্ষীয়ে আটক কৰে বিমল বৰ্মনক। NEWS18ৰ সাংবাদিকৰ আগত নিজৰ ভুল স্বীকাৰো কৰিছে বিমলে। আনহাতে, দুই যুৱক–যুৱতী আৰু কিশোৰীগৰাকীয়ে টিকটক ভিডিঅ’ বনাবলৈ গৈছিল বুলি মন্তব্য কৰিছে একাংশ লোকে।

ইফালে, ৰাইজে কৰায়ত্ত কৰা যুৱক জিতু দাসৰ লগতে ভিডিঅ’ বনাবলৈ যোৱা ঘৰটোৰ এগৰাকী যুৱতীক নলবাৰী আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰণ কৰে। কিশোৰীগৰাকীৰ জামিন মঞ্জুৰ কৰি পৰিয়ালক গতাই দিয়া হয়।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি