যুৱকজনে কোনো আঘাত পোৱা নাই যদিও তেওঁৰ বুলেটখন ডুব যায় বুলি সদৰি কৰিছে।
যুৱকজনে কোনো আঘাত পোৱা নাই যদিও তেওঁৰ বুলেটখন ডুব যায় বুলি সদৰি কৰিছে।
নিমাতীঘাটৰ নাও দুৰ্ঘটনাত সাঁতুৰি কথমপি প্ৰাণৰক্ষা পৰা মাজুলীৰ একাধিক যাত্ৰীয়ে বৃহস্পতিবাৰে শিৱসাগৰ দিচাংমুখৰ টেকেলীফুটা ঘাটেৰে ঘৰলৈ ৰাওনা হয়।
ইয়াৰে ৰামচন্দ্ৰ চাটোলা নামৰ মাজুলীৰ কমলাবাৰীৰ যুৱকজনে NEWS18ৰ আগত দিলে দুৰ্ঘটনাৰ শেহৰণকাৰী বৰ্ণনা। তেওঁ কয়, "আমি নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰীলৈ যাবলৈ বুলি নাৱত উঠি আছিলো। আমাৰ নাওখন ওলাই যাবলৈ লওঁতেই সিফালৰ পৰা ডাবল নাও লগা ফেৰিখনে তীব্ৰ গতিত আহি খুন্দা মাৰি দিয়ে। পঠালিকৈ খুন্দা মাৰি দিয়াত আমাৰ নাওখনত পানি সোমাই যায়। লগে লগে নাওখন ডুবিবলৈ ধৰাত পানীলৈ জাঁপ মাৰি দিওঁ আৰু সাঁতুৰি পাৰত উঠিবলৈ সক্ষম হওঁ।"
যুৱকজনে কোনো আঘাত পোৱা নাই যদিও তেওঁৰ বুলেটখন ডুব যায় বুলি সদৰি কৰিছে। ইপিনে তেওঁক লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰি স্বাস্থ্য ঠিকেই আছে বুলি প্ৰকাশ কৰে চিকিৎসকে।
যুৱকজনে পুৱা যোৰহাটৰ পৰা শিৱসাগৰ দিচাংমুখৰ টেকেলীফুটা ঘাটত উপস্থিত হয়হি। কমলাবাৰীৰ ঘৰলৈ ৰাওনা হোৱাৰ প্ৰাকক্ষণত জল পৰিবহণৰ নামত চৰকাৰে ৰাজনীতি কৰি থকাটো উচিত হোৱা নাই হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ উপৰিও ডাঙৰ ডাঙৰ জাহাজ বিলাক ফুলদানী কৰি থোৱা বুলি ক্ষোভ প্ৰকাশ কৰে যুৱকজনে।
উল্লেখযোগ্য যে শিৱসাগৰ টেকেলীফুটা পাৰঘাটৰ ফেৰী বিলাকৰ অৱস্থাও তথৈবচ। নাওবিলকত যাত্ৰীৰ অনুপাতে নাই লাইফ জেকেট, নাই লাইফ টিউব। টেকেলীফুটা ঘাটতো ফেৰীসমূহত কিমান যাত্ৰী অহা যোৱা কৰে তাৰ কোনো ৰেজিষ্টাৰ মেইণ্টেইন কৰা নহয়।
কেৱল ইমানেই নহয় দিচাংমুখত থকা জল পৰিবহন বিভাগৰ শাখা কাৰ্যালয়টোত নিয়মীয়া কৰ্তব্যত কৰ্মচাৰীসকল উপস্থিত নাথাকে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে। বিভাগটোৰ কৰ্মচাৰী সকলে সঠিকভাৱে তদাৰক নকৰাৰ ফলত নিজ মইমতালিৰে চলাই বেচৰকাৰী ফেৰীসমূহ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|