• Home
  • »
  • News
  • »
  • assam
  • »
  • Death by Drowning : পুখুৰীত গা ধুবলৈ যোৱাই কাল হ'ল ১৭ বছৰীয়া যুৱকৰ, কলিয়াবৰত অঘটন

Death by Drowning : পুখুৰীত গা ধুবলৈ যোৱাই কাল হ'ল ১৭ বছৰীয়া যুৱকৰ, কলিয়াবৰত অঘটন

প্ৰায় ১০ৰ পৰা ১৫ ফুট গভীৰ আছিল পুখুৰীটো।

প্ৰায় ১০ৰ পৰা ১৫ ফুট গভীৰ আছিল পুখুৰীটো।

প্ৰায় ১০ৰ পৰা ১৫ ফুট গভীৰ আছিল পুখুৰীটো।

  • Share this:
পুখুৰীত গা ধুবলৈ যোৱাটোৱেই যেন কাল হ'ল ৰাজিবুলৰ। উৎকট গৰমৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ ঘৰৰে সমীপৰ পুখুৰীত গা ধুবলৈ দুই বন্ধুসহ গৈছিল ৰাজিবুল হুছেইন। দুই বন্ধু ঠিকেই উভতিল, নাহিল উভতি ৰাজিবুল।

এই অঘটন সংঘটিত হয় কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানা এলেকাৰ গৰুবন্ধাত। মঙলবাৰে দুপৰীয়া ঘৰৰ সমীপৰে ধাননি পথাৰৰ মাজত থকা এটা অতি গভীৰ পুখুৰীত দুই বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল ৰাজিবুল হুছেইন।

পুখুৰীটোৰ গভীৰতাৰ বিষয়ে পূৰ্বে অৱগত নোহোৱাকৈ গা ধুবলৈ জাপ দিয়ে দুই বন্ধুসহ ৰাজিবুলে। তেতিয়া সংঘটিত হয় অঘটন। দ-পুখুৰীটোত সলিল সমাধি ঘটে ১৭ বছৰীয়া ৰাজিবুল হুছেইনৰ। কথমপি প্ৰাণৰক্ষা পৰে আন দুই বন্ধুৰ (Death by Drowning in pond)।

ঘটনাস্থলীত জখলাবন্ধা আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায়। প্ৰায় দুঘণ্টা সময় ধৰি অভিযান চলায়ো যুৱকজনক উদ্ধাৰ কৰাত ব্যৰ্থ হয় স্থানীয় লোক, আৰক্ষী। পৰৱৰ্তী সময়তে তেজপুৰৰ পৰা অহা এছ ডি আৰ এফ বাহিনীৰ ডুবাৰুৱে পুখুৰীটোৰ পৰা উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

প্ৰায় ১০ৰ পৰা ১৫ ফুট গভীৰ আছিল পুখুৰীটো। স্থানীয় একাংশৰ অভিযোগ অনুসৰি, গৰুবন্ধা গাঁৱৰ সন্তোষ চৌহান নামৰ লোকজনে পথাৰৰ মাজত  অধিক গভীৰকৈ পুখুৰী খান্দি সেই মাটি বিক্ৰীৰ উদ্দেশ্যে সৰবৰাহ কৰিছিল।  চৌহানৰ এই নীতিহীন কাৰ্যৰ বিৰুদ্ধে পূৰ্বেও স্থানীয় লোকে আপত্তি দৰ্শাই আহিছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি