মুখ্যপৃষ্ঠা »খবৰ »অসম »কংগ্ৰেছ নেতৃত্বক তীব্ৰ সমালোচনা অংকিতা দত্তৰ, ক’লে – গোটেই ভাৰতবৰ্ষত একমাত্ৰ যুৱ কংগ্ৰেছৰ মহিলা সভাপতি মই, আজি মই এইটো সন্মান পাইছো!

কংগ্ৰেছ নেতৃত্বক তীব্ৰ সমালোচনা অংকিতা দত্তৰ, ক’লে – গোটেই ভাৰতবৰ্ষত একমাত্ৰ যুৱ কংগ্ৰেছৰ মহিলা সভাপতি মই, আজি মই এইটো সন্মান পাইছো!

মই কংগ্ৰেছ আগতেও কৰিছিলো, এতিয়াও কৰিছো আৰু ভৱিষ্যতেও কৰিম, কিন্তু কাম কিমান কৰিম সেইটোৱে ডাঙৰ প্ৰশ্ন বুলি কয় অংকিতা দত্তই।

মই কংগ্ৰেছ আগতেও কৰিছিলো, এতিয়াও কৰিছো আৰু ভৱিষ্যতেও কৰিম, কিন্তু কাম কিমান কৰিম সেইটোৱে ডাঙৰ প্ৰশ্ন বুলি কয় অংকিতা দত্তই।

মই কংগ্ৰেছ আগতেও কৰিছিলো, এতিয়াও কৰিছো আৰু ভৱিষ্যতেও কৰিম, কিন্তু কাম কিমান কৰিম সেইটোৱে ডাঙৰ প্ৰশ্ন বুলি কয় অংকিতা দত্তই।

  • Share this:
কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত ক্ষোভিত অংকিতা দত্ত। যুৱ কংগ্ৰেছৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অজুহাতত হঠাতে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক অপসাৰণ কৰাক লৈ বৰঝাৰ বিমানবন্দৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অংকিতা দত্তই। অংকিতা দত্তই কয়, ‘‘বিজেপিয়ে কংগ্ৰেছৰ ভিতৰচ’ৰাৰ মানুহ কিনি থোৱাৰ দৰে ঘটনাবোৰ হৈ আছে, কিন্তু মোক কিনিব নোৱাৰিলে।’’

কংগ্ৰেছ নেতা বৰ্ধন যাদৱৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি চোৰ, ডকাইতি, বিভিন্ন কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ হোৱা ব্যক্তিয়ে এতিয়া অসমৰ কংগ্ৰেছী ৰাজনীতি পৰিচালনা কৰি আছে বুলি মন্তব্য কৰে অংকিতা দত্তই। অতি কম দিনৰ ভিতৰত হঠাতে কিয় তেওঁক যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰা হ'ল তাক লৈ প্ৰশ্ন তুলি তীব্ৰ ভাষাৰে সমলোচনা কৰে অংকিতা দত্তই।

মই কংগ্ৰেছ আগতেও কৰিছিলো, এতিয়াও কৰিছো আৰু ভৱিষ্যতেও কৰিম, কিন্তু কাম কিমান কৰিম সেইটোৱে ডাঙৰ প্ৰশ্ন বুলি কয় অংকিতা দত্তই। অংকিতাই কয়, মোক স্বীকৃতি নালাগে, অঞ্জন দত্তৰ তেজ আছে, সাহসেৰে ৰাজনীতি কৰিছো। দেউতাক হেৰুওৱাৰ পিছত যে এই পৰ্যায় পাইছো, ব্লু ব্লাড নহয়, কাৰোবাৰ সন্তান হোৱা বাবে পোৱা নাই। মই জানো মই কিমান কষ্ট কৰিছো।

পদত্যাক কৰিবলৈ আমাক বাধ্য কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অংকিতা দত্তই। গোটেই ভাৰতবৰ্ষত একমাত্ৰ যুৱ কংগ্ৰেছৰ মহিলা সভাপতি মই। আজি মই এইটো সন্মান পাইছো বুলি মন্তব্য কৰে অংকিতা দত্তই।

শেহতীয়া বাতৰি