ধুবুৰীত গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে হঠাৎ সৰৱ যুৱ কংগ্ৰেছ

সোমবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাফ হুছেইন মণ্ডলে গৰুৰ চোৰাং ব্যৱসায়ৰ ওপৰত কিছু বিস্ফোৰক তথ্য উত্থাপন কৰে।
সোমবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাফ হুছেইন মণ্ডলে গৰুৰ চোৰাং ব্যৱসায়ৰ ওপৰত কিছু বিস্ফোৰক তথ্য উত্থাপন কৰে।
- News18 Assam
- Last Updated: July 20, 2020, 10:46 PM IST
ঘটনাৰ গুৰুত্ব অনুভৱ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধুবুৰী আৰক্ষীৰ দুবছৰৰ কৰ্মকাণ্ডৰ ওপৰত এছআইটি গঠন কৰি দিয়াৰ কথা সংবাদ মাধ্যমৰ সন্মুখত এডিজিপি জি পি সিঙে ঘোষণা কৰে। কিন্তু ইমান দিনে উক্ত বিষয়ত নীৰৱে থকা ধুবুৰী যুৱ কংগ্ৰেছ হঠাৎ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে।
সোমবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাফ হুছেইন মণ্ডলে গৰুৰ চোৰাং ব্যৱসায়ৰ ওপৰত কিছু বিস্ফোৰক তথ্য উত্থাপন কৰে। সংবাদমেলত মণ্ডলে ধুবুৰীৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ নৈ পথৰে চোৰাংভাৱে বাংলাদেশলৈ লৈ যোৱা গৰুৰ কিছু ভিডিঅ’ প্ৰকাশ কৰে। উক্ত ভিডিঅ’বোৰৰ কথোপকথনত ইয়াত এক বৃহৎ ছিণ্ডিকেট জড়িত থকাৰ কথা উল্লেখ কৰি মণ্ডলে কয় যে কেৱল এজন আৰক্ষী অধীক্ষকক বদলি কৰিয়েই চৰকাৰে ইয়াৰ দায়িত্ব সামৰিলে নহ’ব। চৰকাৰে ইয়াৰ সঠিক তদন্ত কৰিব লাগিব।