নিবনুৱা সমস্যা সমাধানৰ দাবীত চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত ব্যতিক্ৰমী প্ৰতিবাদ। সোণাৰি নগৰৰ ব্যস্ত পদ পথৰ কাষত পকৰি-মিঠাই বিক্ৰীত নামিল যুৱ কংগ্ৰেছ কৰ্মী। নিবনুৱা সমস্যাৰ সমাধানৰ দাবীত এই প্ৰতিবাদ।
এই ব্যতিক্ৰমী প্ৰতিবাদেৰে সোণাৰিত ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন যুৱ কংগ্ৰেছৰ। চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত পকৰি-মিঠাই বিক্ৰী কৰি এইদৰে প্ৰতিবাদ কৰে যুৱ কংগ্ৰেছ কৰ্মীয়ে। সোণাৰি আৰু মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে এই ব্যতিক্ৰমী প্ৰতিবাদত।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 17, 2022, 19:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।