• Home
  • »
  • News
  • »
  • assam
  • »
  • আমিনগাঁৱত আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি যুৱকে ল’লে চৰম সিদ্ধান্ত!

আমিনগাঁৱত আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি যুৱকে ল’লে চৰম সিদ্ধান্ত!

চল্লিশ হাজাৰ টকা দাবী কৰাৰ পিছতে হতাশগ্ৰস্ত হৈ যুৱকজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে।

  • Share this:
খাকী পোছাকত কালিমা সানিলে আমিনগাঁও আৰক্ষীয়ে! আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি এজন সদ্য বিবাহিত যুৱকে আত্মহত্যা কৰাৰ অভিযোগ উঠিছে। স্বামী–স্ত্ৰীৰ ঘৰুৱা কাজিয়াৰ গোচৰ মীমাংসাৰ বাবে আমিনগাঁও আৰক্ষীয়ে ৪০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ।

আমিনগাঁৱৰ কালিবাৰীৰ ভুবনেশ্বৰ পাল নামৰ যুৱকজনক চল্লিশ হাজাৰ টকা দাবী কৰাৰ পিছতে হতাশগ্ৰস্ত হৈ যুৱকজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে।

ভূৱনেশ্বৰ পাল আৰু পত্নীৰ মাজত হোৱা ঘৰুৱা কাজিয়াৰ বাবে পত্নীয়ে স্বামীৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ। আমিনগাঁও আৰক্ষী চকীৰ জনৈক ৰহমান উপাধিৰ এজন আৰক্ষীয়ে দৰিদ্ৰ পৰিয়ালটোক ধন দাবী কৰাৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ আমিনগাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
Published by:Sanjay Kumar Das
First published: