লখিমপুৰত ৰুদ্ধশ্বাস নাটকৰ যৱনিকা, ৭ ঘণ্টাৰ অন্তত সুউচ্চ টাৱাৰৰ পৰা নামিল আত্মহত্যা কৰিবলৈ উঠা যুৱক

নিশা SDRF বাহিনীয়ে টাৱাৰটোত উঠি নমাই আনিবলৈ সক্ষম হয় যুৱকজনক।

News18-Assam
Updated:August 22, 2019, 8:15 AM IST
লখিমপুৰত ৰুদ্ধশ্বাস নাটকৰ যৱনিকা, ৭ ঘণ্টাৰ অন্তত সুউচ্চ টাৱাৰৰ পৰা নামিল আত্মহত্যা কৰিবলৈ উঠা যুৱক
নিশা SDRF বাহিনীয়ে টাৱাৰটোত উঠি নমাই আনিবলৈ সক্ষম হয় যুৱকজনক।
News18-Assam
Updated: August 22, 2019, 8:15 AM IST
অৱশেষত লখিমপুৰত অন্ত পৰিল এখন ৰুদ্ধশ্বাস নাটকৰ। ৭ ঘণ্টাৰ মূৰত সুউচ্চ টাৱাৰৰ পৰা নামিল আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকজন। নিশা SDRF–এ নমাই আনিবলৈ সক্ষম হয় যুৱকজনক। বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত টাৱাৰটোত উটি আত্মহত্যাৰ হুংকাৰ দিছিল মঞ্জিল গগৈ নামৰ যুৱকজনে। বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো টাৱাৰটোৰ পৰা নামি অহা নাছিল যুৱকজন। ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী আৰু SDRF বাহিনী। ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।

ঘটনাস্থলীত উপস্থিত ৰাইজৰ লগতে আৰক্ষীয়েও যুৱকজনক নামি আহিবলৈ অনুৰোধ কৰিছিল। কিন্তু ৭ ঘণ্টা ধৰি বি এছ এন এলৰ টাৱাৰটোতে উঠি থাকিল যুৱকজন। নিশা SDRF বাহিনীয়ে টাৱাৰটোত উঠি নমাই আনিবলৈ সক্ষম হয় যুৱকজনক। কিহৰ বাবে আত্মহত্যাৰ চেষ্টা চলাইছিল সেই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই যুৱকজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি