শাসকীয় দলৰ যুৱ ব্ৰিগেড সাজু হৈছে ২০২১ৰ নিৰ্বাচনলৈ৷ বিজেপিৰ যুৱ মৰ্চা তৎপৰ অধিক তৎপৰ নিৰ্বাচনলৈ৷ কমেও তিনিখন আসনত দেখা যাব যুৱ মৰ্চাৰ ২০২০-২০২৩ৰ প্ৰতিনিধি৷
২০২১ৰ নিৰ্বাচনী যুঁজলৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল৷ নিৰ্বাচনী তৎপৰতা কোৰোণা সংকটৰ মাজতে অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলৰে যুৱ ব্ৰিগেডেও৷
প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী তথা নগাঁৱৰ চাৰিবাৰৰ সাংসদ ৰাজেন গোঁহাইৰ পুত্ৰ নবাৰুণ বুঢ়াগোঁহাই হ'ব পাৰে নগাওঁ সদৰৰ প্ৰাৰ্থী৷ ২০১৯ত লোকসভা নিৰ্বাচনত টিকট বঞ্চিত হোৱা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহায়েও বিচাৰিব নবাৰুণৰ প্ৰাৰ্থিত্ব৷ বিজেপি যুৱ মৰ্চাৰ শক্তিশালী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰা নবাৰুণৰ সন্মুখত অৱশ্যেই প্ৰত্যাহ্বান হৈ থিয় দিব বৰ্তমানৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা৷
ইতিমধ্যে সংবাদমেল যোগে ৰাজেন গোহাঁয়ে নিজকে নগাঁৱৰ প্ৰাৰ্থী হিচাপে নিজৰ নাম প্ৰক্ষেপ কৰিলেও শেষ মুহূৰ্তত দলীয় নেতৃত্বক যে নবাৰুণৰ বাবে হেঁচা দিব সেয়া নিশ্চিত৷ ইফালে যুৱ মৰ্চাই বিচাৰিছে পলাশবাৰী সমষ্টিও৷ সমষ্টিটোত টিকট প্ৰত্যাশী বিজেপি যুৱ মৰ্চাৰ হিমাংশু বৈশ্য৷ হিমাংশু বৈশ্যৰ সন্মুখত প্ৰত্যাহ্বান বৰ্তমানৰ বিধায়ক প্ৰণৱ কলিতা বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া,মুখ্য মুখপাত্ৰ ৰূপম গোস্বামী৷
ইফালে নাজিৰা সমষ্টিত টিকট প্ৰত্যাশী বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ময়ূৰ বৰগোঁহাই৷ নিজকে যুৱ মৰ্চাৰ এগৰাকী শক্তিশালী নেতা হিচাপে প্ৰতিষ্ঠা কৰাত সফল হোৱা ময়ূৰ বৰগোঁহাই যুৱ মৰ্চাই প্ৰক্ষেপিত কৰিব লগীয়া অন্যতম শক্তিশালী প্ৰাৰ্থী৷ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ কুমাৰ বৰ্মনৰ দাবী, দলে দিব নতুনক সুযোগ৷
লোকসভা নিৰ্বাচনত যুৱ শক্তিক দিয়া গুৰুত্বৰ কথা দোহাৰি বৰ্মনে ক'লে, "জ্যেষ্ঠসকলে দিব যুৱ মৰ্চাক আশীৰ্বাদ৷ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ আমি কাম কৰিছো৷ প্ৰত্যেক বুথ,মণ্ডল, জিলাত আমি ক্ষীপ্ৰতাৰে দলৰ হৈ কাম কৰি গৈছো৷ আমি সংগঠনত বিশ্বাসী৷ আশা কৰো আমাৰ সতীৰ্থই পাব সুযোগ৷"
অন্যান্য সাংগঠনিক কাম কাজৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি যুৱ মৰ্চায়ো ৰাজ্যজুৰি পালন কৰিছে সেৱা সপ্তাহ৷ বুধবাৰে ৰক্তদান কাৰ্যসূচী পালন কৰে যুৱ মৰ্চাই৷ এটা কথা ঠিক যে ২০২১ৰ নিৰ্বাচনত যুৱ মৰ্চাৰ বহুকেইজনকে দেখা যাব প্ৰাৰ্থী হিচাপে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|