• Home
  • »
  • News
  • »
  • assam
  • »
  • Sopadhara Rumours : ''সোপাধৰা''ৰ গইনা লৈ কাছাৰত যুৱকক প্ৰহাৰ, জ্বলাই দিলে এল্টো বাহন, গোলাঘাটত এজনক থৈছে আবদ্ধ কৰি

Sopadhara Rumours : ''সোপাধৰা''ৰ গইনা লৈ কাছাৰত যুৱকক প্ৰহাৰ, জ্বলাই দিলে এল্টো বাহন, গোলাঘাটত এজনক থৈছে আবদ্ধ কৰি

যুৱকজনক বাতৰি লিখা পৰলৈ এখন দোকানত আবদ্ধ কৰি ৰাখিছে।

যুৱকজনক বাতৰি লিখা পৰলৈ এখন দোকানত আবদ্ধ কৰি ৰাখিছে।

যুৱকজনক বাতৰি লিখা পৰলৈ এখন দোকানত আবদ্ধ কৰি ৰাখিছে।

  • Share this:
প্ৰশাসনৰ বিজ্ঞপ্তি তথা সংবাদ মাধ্যমৰ ব্যাপক প্ৰচাৰৰ পিছতো জনতাৰ মনৰ পৰা আঁতৰা নাই সোপাধৰাৰ আতংক। আজি কাছাৰ আৰু গোলাঘাট জিলাত দুটা পৃথক ঘটনা সংঘটিত হয় সোপাধৰাক লৈ।

সোপাধৰা সন্দেহত কাছাৰৰ জয়পুৰত এগৰাকী এল্টো চালকক গণপ্ৰহাৰ কৰাৰ লগতে উন্মত্ত যুৱকৰ দলে অগ্নিসংযোগ কৰি জ্বলাই দিলে এল্টো বাহনখন। যুৱকজনক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন কৰোৱা হয়। এল্টো চালকজন আছিল চাহিন আহমেদ। দেওয়ান বাগানত যাত্ৰীক নমাই থৈ উভতি আহাৰ সময়ত জয়পুৰ শিৱস্থানত এদল স্থানীয় উন্মক্ত যুৱকে সোপাধৰা সন্দেহত চালক চাহিন আহমেদক আটক কৰি উপৰ্যুপৰি প্ৰহাৰ কৰে।

আনহাতে সোপাধৰাৰ সন্দেহত গোলাঘাটৰ বৰজান চাহ বাগিচাতো সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ। এজন যুৱকক সোপাধৰাৰ সন্দেহত আবদ্ধ কৰি ৰাখে স্থানীয় লোকে। যুৱকজনক বাতৰি লিখা পৰলৈ এটা দোকান ঘৰত আবদ্ধ কৰি ৰাখিছে। আৰক্ষী উপস্থিত হৈছে যদিও পৰিস্থিতি অধিক উত্তপ্ত হৈ আছে। সোপাধৰাৰ সন্দেহত আবদ্ধ কৰি ৰখা যুৱকজনৰ বৰ্তমানো কোনো পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই।
Published by:Gautam Barman
First published: