• Home
  • »
  • News
  • »
  • assam
  • »
  • SP আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে যুৱকৰ অভিযোগ, হেলমেট নিপিন্ধাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ!

SP আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে যুৱকৰ অভিযোগ, হেলমেট নিপিন্ধাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ!

পাৰ্থ প্ৰতিম বৰাৰ অভিযোগ- SP আনন্দ মিশ্ৰই তেওঁক কিয় হেলমেট (Helmet) নাই পিন্ধা বুলি ৰখোৱাৰ পিছতে হঠাৎ আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশত তেওঁৰ দেহৰক্ষীয়ে পাৰ্থ প্ৰতিমক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

পাৰ্থ প্ৰতিম বৰাৰ অভিযোগ- SP আনন্দ মিশ্ৰই তেওঁক কিয় হেলমেট (Helmet) নাই পিন্ধা বুলি ৰখোৱাৰ পিছতে হঠাৎ আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশত তেওঁৰ দেহৰক্ষীয়ে পাৰ্থ প্ৰতিমক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

পাৰ্থ প্ৰতিম বৰাৰ অভিযোগ- SP আনন্দ মিশ্ৰই তেওঁক কিয় হেলমেট (Helmet) নাই পিন্ধা বুলি ৰখোৱাৰ পিছতে হঠাৎ আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশত তেওঁৰ দেহৰক্ষীয়ে পাৰ্থ প্ৰতিমক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

  • Share this:
হেলমেট নিপিন্ধাৰ বাবেই এজন যুৱ শিল্পীক পাশৱিক অত্যাচাৰ কৰাৰ অভিযোগ নগাঁও আৰক্ষী (Nagaon Police)ৰ বিৰুদ্ধে। আজি পুৱা নগাঁৱৰ ৰূপহীহাটত সংঘটিত এই ঘটনাই সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিবপৰামতে, পুৱা পাৰ্থ প্ৰতিম বৰা নামৰ যুৱকজনে পিতৃৰ ঔষধ কিনিবৰ বাবে ৰূপহীহাটৰ ফাৰ্মাচীলৈ যোৱাৰ সময়তে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Nagaon SP Anand Mishra) বাহিনীৰ কনভয়ৰ মুখামুখি হয়। পাৰ্থ প্ৰতিম বৰাৰ অভিযোগ অনুসৰি আৰক্ষী অধীক্ষক গৰাকীয়ে তেওঁক কিয় হেলমেট (Helmet) নাই পিন্ধা বুলি ৰখোৱাৰ পিছতে হঠাৎ আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশত তেওঁৰ দেহৰক্ষীয়ে পাৰ্থপ্ৰতিমক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। ইয়াৰ পিচতে যুৱকজনক সেই স্থানত পেলাই থৈ আৰক্ষী অধীক্ষকৰ কনভয়টো আতৰি যায়।

পাৰ্থপ্ৰতিম বৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, "পিতৃৰ ঔষধ কিনিবলৈ ঘৰৰ পৰা মাত্ৰ ১০০মিটাৰ নিলগৰ ফাৰ্মাচী খনলৈ মই গৈছিলোঁ। আৰক্ষীৰ দলটোক প্ৰেছক্ৰিপছনখন দেখুওৱাৰ পিছতো তেওঁলোকে মোক বেয়াকৈ প্ৰহাৰ কৰিলে। মোক হেলমেট নিপিন্ধাৰ কাৰণে জৰিমণা কৰাৰ সলনি এনে বৰ্বৰ ভাৱে নিৰ্যাতন কিয় কৰিলে তাৰ উত্তৰ আৰক্ষী সঞ্চালক প্ৰধান (DGP Assam) মহোদয়ে মোক দিব লাগিব।"

উল্লেখযোগ্য যে, সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত পাৰ্থপ্ৰতিম বৰা ৰূপহীহাট অঞ্চলৰ এগৰাকী জনপ্ৰিয় যুৱক। পাৰ্থক এনেদৰে নিৰ্যাতন চলোৱাৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁৱৰ দল-সংগঠন। ইতিমধ্যে ঘটনাৰ উচিত তদন্ত বিচাৰি নগাঁও আৰক্ষী অধীক্ষকলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰূপহীহাট আঞ্চলিক ছাত্ৰ সন্থাই। আনহাতে, নিৰ্যাতিত যুৱক পাৰ্থপ্ৰতিম বৰাইয়ো ঘটনাৰ উচিত বিচাৰ বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে।

ইপিনে আজি পুৰণিগুদামৰ বকুলতলতো এছ পি আনন্দ মিশ্ৰ বাহিনীয়ে হেলমেট নিপিন্ধাৰ বাবেই বিতোপন কাকতি নামৰ এজন যুৱকক বেয়াকৈ মাৰপিট কৰাৰ অভিযোগ উঠিছে। হেলমেট নিপিন্ধিলে জৰিমণাৰ সলনি এনেদৰে মাৰ-পিট কৰাৰ ঘটনাই সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by:Manjumoni Borah
First published: