স্কুটীত লিফ্ট নিদিয়া বাবেই যোৰহাটৰ ৰাজপথত মহিলা আৰক্ষী বিষয়াক প্ৰহাৰ যুৱকৰ

News18 Assam | News18-Assam
Updated:November 11, 2020, 5:30 PM IST
স্কুটীত লিফ্ট নিদিয়া বাবেই যোৰহাটৰ ৰাজপথত মহিলা আৰক্ষী বিষয়াক প্ৰহাৰ যুৱকৰ
বুধবাৰে দুপৰীয়া নগৰৰ জে’ল ৰোডত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

বুধবাৰে দুপৰীয়া নগৰৰ জে’ল ৰোডত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

  • Share this:
যোৰহাটত সদৰ থানাৰ অধীনত ইজনৰ পিছত সিজন আৰক্ষী বিষয়াৰ ওপৰত সংঘটিত হৈছে শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনা। নিমাতি আৰক্ষী চকীৰ কেইবাজনো আৰক্ষীক সুৰামত্ত এজন লোকে শাৰীৰিকভাৱে অপদস্থ কৰাৰ পিছত বুধবাৰে নগৰৰ মাজমজিয়াত এগৰাকী মহিলা আৰক্ষী বিষয়াক আক্ৰমণৰ লক্ষ্য কৰি লয় এজন যুৱকে। যুৱকজনে আৰক্ষী বিষয়াগৰাকীৰ স্কুটীত লিফ্ট বিচাৰিছিল। কিন্তু অচিনাকি যুৱকজনক লিফ্ট নিদিয়াত হঠাৎ আক্ৰমণ কৰে মহিলা আৰকী বিষয়াগৰাকীক।

বুধবাৰে দুপৰীয়া নগৰৰ জে’ল ৰোডত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। সদৰ থানাৰ এগৰাকী মহিলা আৰক্ষী উপ–পৰিদৰ্শক সেই সময়ত জে’ল ৰোডত স্কুটীৰে গৈ আছিল। অংকুৰ পাঠক নামৰ যুৱকজনে হঠাৎ তেওঁৰ স্কুটীখন ৰখাই মহিলা আৰক্ষী বিষয়াগৰাকীৰ ৰুমলৈকে লিফ্ট বিচাৰে। যুৱকজনৰ এনে অপ্ৰত্যাশিত আচৰণত হতভম্ব হৈ পৰে মহিলা আৰক্ষী বিষয়াগৰাকী। আৰক্ষী বিষয়াগৰাকীয়ে লিফ্ট দিবলৈ অস্বীকাৰ কৰাত খৰ্গহস্ত হৈ পৰে যুৱকজন। বিষয়াগৰাকীৰ এগৰাকী বন্ধুৱে যুৱকজনক তেনে ব্যৱহাৰ নকৰিবলৈ কোৱাত এইবাৰ আৰক্ষী বিষয়াগৰাকী আৰু তেওঁৰ বন্ধুজনক উপৰ্যুপৰি প্ৰহাৰ কৰে অংকুৰ পাঠক নামৰ যুৱকজনে। উল্লেখ্য এই যুৱকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও আছে এনেধৰণৰ অভিযোগ।

"যুৱকজনক মই চিনি নেপাওঁ। মই তদন্ত কৰি থকা কোনো গোচৰৰ সৈতেও জড়িত নহয় যুৱকজন। হঠাৎ মোৰ স্কুটীখন ৰখাই মোৰ ৰুমলৈ যাবলৈ তেওঁ লিফ্ট বিচাৰে। মোৰ এজন বন্ধুৱে তেওঁক তেনে আচৰণ নকৰিবলৈ কোৱাত হঠাৎ উত্তেজিত হৈ আক্ৰমণ কৰে। তাৰ পিছত মোকো আক্ৰমণ কৰে। ", আৰক্ষী উপ–পৰিদৰ্শকগৰাকীয়ে এনেদৰে কয়।

উল্লেখযোগ্য যে মঙলবাৰে নিশাও আৰক্ষীক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হৈছে দুজন যুৱক। দুদিনমান পূৰ্বে যোৰহাট-নিমাতি পথত থকা গ্ৰীণ ভিউ ৰিজ’ৰ্ট নামৰ এখন হোটেলত আৰক্ষীয়ে নাৰী দেহৰ ব্যৱসায় চলাই থকাৰ অভিযোগত অভিযান চলাইছিল। এই অভিযানত এহাল যুৱক-যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ পিছত হোটেলৰ গৰাকী অমৰ বৰাকো গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰ পিছতে মঙলবাৰে নিশা অমৰ বৰাৰ বন্ধু শান্তনু শইকীয়াই এটা সামান্য দুৰ্ঘটনাৰ অজুহাতত নিমাতি আৰক্ষী চকীৰ একাংশ আৰক্ষীক অতি অভব্য আচৰণ কৰাৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰে। পিছত আৰক্ষীয়ে শান্তনু শইকীয়াৰ লগতে ঘটনা স্থলীত উপস্থিত থকা দিলীপ শইকীয়াক গ্ৰেপ্তাৰ কৰে।

যোৰহাটত আৰক্ষীৰ ওপৰত ক্ৰমাগতভাৱে হোৱা এনে আক্ৰমণৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে এনে ঘটনা সংঘটিত কৰা আটাইকেইজনকে আৰক্ষীয়ে আটক কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য, মহিলা আৰক্ষী বিষয়াগৰাকীক আক্ৰমণ কৰা যুৱকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে।
Published by: Sanjay Kumar Das
First published: November 11, 2020, 5:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি