অতৰ্কিতে দাৰে আক্ৰমণ কৰাত অনুষ্ঠানতেই ঢলি পৰে যুৱকজন।
অতৰ্কিতে দাৰে আক্ৰমণ কৰাত অনুষ্ঠানতেই ঢলি পৰে যুৱকজন।
টীয়কত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এক ধৰ্মীয় অনুষ্ঠানত এজন যুৱকক দাৰে আক্ৰমণ কৰি পলায়ন কৰিলে আক্ৰমণকাৰী যুৱকে। ঘটনাটো টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মাজগাঁৱৰ। দেওবাৰে নিশা গাঁৱৰে এজন লোকৰ ঘৰত আয়োজন কৰিছিল এক ধৰ্মীয় অনুষ্ঠান। উক্ত অনুষ্ঠানত গাঁৱৰ যুৱকসকলে পৰিৱেশন কৰিছিল দিহানাম। তেনেতেই একে গাঁৱৰে দেৱজিত ওৰফে পংকজ নামৰ এজন যুৱকে আক্ৰমণ কৰে ৰুবুল বৰা নামৰ যুৱকজনক।
অতৰ্কিতে দাৰে আক্ৰমণ কৰাত অনুষ্ঠানতেই ঢলি পৰে যুৱকজন। মূৰত, পিঠিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰুবুল বৰাক ততাতৈয়াকৈ টীয়ক এফ আৰ ইউলৈ আনে যদিও আঘাত গুৰুতৰ হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
ইপিনে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে আক্ৰমণকাৰী দেৱজিত ওৰফে পংকজ।ইতিমধ্যে পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত টীয়ক আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অপৰাধীক কৰায়ত্ব কৰা চেষ্টা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|