• Home
  • »
  • News
  • »
  • assam
  • »
  • Barpeta : বৰপেটাৰোডত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ যুৱক আটক

Barpeta : বৰপেটাৰোডত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ যুৱক আটক

 আৰক্ষীয়ে ড্ৰাগছসহ বহু যুৱকক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে যদিও জিলাখনত ড্ৰাগছ প্ৰচলন কমা নাই। 

আৰক্ষীয়ে ড্ৰাগছসহ বহু যুৱকক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে যদিও জিলাখনত ড্ৰাগছ প্ৰচলন কমা নাই। 

আৰক্ষীয়ে ড্ৰাগছসহ বহু যুৱকক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে যদিও জিলাখনত ড্ৰাগছ প্ৰচলন কমা নাই। 

  • Share this:
ড্ৰাগছৰ  বিৰুদ্ধে বৰপেটাৰোড আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। বুধবাৰে বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই আবেলি বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে আটক কৰা যুৱকজনৰ নাম বৰপেটাৰোডৰ ভালুকীৰ আজাহাৰ আলী (২২) বুলি জানিব পৰা গৈছে ৷ সৰভোগৰ পৰা বৰপেটাৰোড অভিমুখে আহি থকা অৱস্থাত বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবানন্দ দাস আৰু উপ–পৰিদৰ্শক মৃদুল বৰাৰ নেতৃত্বত কলহভঙা চ'কত ৩০টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ আজাহাৰক আটক কৰে ৷

সম্প্ৰতি যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে বৰপেটাৰোড আৰক্ষীয়ে পূৰ্বেও ড্ৰাগছসহ বহু যুৱকক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে যদিও জিলাখনত ড্ৰাগছ প্ৰচলন কমা নাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি