• Home
  • »
  • News
  • »
  • assam
  • »
  • অনুমতি অবিহনে পিডিএফ ফাইল বনাই প্ৰচাৰ কৰিছিল বহু কিতাপ, কপিৰাইট এক্টৰ অধীনত গ্ৰেপ্তাৰ হ’ল যুৱক

অনুমতি অবিহনে পিডিএফ ফাইল বনাই প্ৰচাৰ কৰিছিল বহু কিতাপ, কপিৰাইট এক্টৰ অধীনত গ্ৰেপ্তাৰ হ’ল যুৱক

যুৱকজনৰ বিৰুদ্ধে অসম প্ৰকাশন আৰু বিক্ৰেতা সন্থা তৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় মণ্টু ডেকাক।

  • Share this:
প্ৰকাশন পৰিষদতে প্ৰণয়ন কৰা কিতাপ অনুমতি অবিহনে পিডিএফ বনাই বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কপিৰাইট এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক। তিনিচুকীয়াৰ ঔগুৰিৰ পৰা গ্ৰেপ্তাৰ মণ্টু ডেকা নামৰ যুৱকজনক। যুৱকজনৰ বিৰুদ্ধে অসম প্ৰকাশন আৰু বিক্ৰেতা সন্থা তৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় মণ্টু ডেকাক।

পাণবজাৰ থানাত যুৱকজনৰ বিৰুদ্ধে ৰুজু হৈছিল 166/22 নম্বৰৰ এক গোচৰ।  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী আছিল মণ্টু ডেকা। ৰিতা চৌধুৰী, হোমেন বৰগোহাঞি, ফণীন্দ্ৰ দেৱ চৌধুৰী, অনুৰাধা শৰ্মা পুজাৰীকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰসিদ্ধ লেখকৰ প্ৰায় ৫০০০ গ্ৰন্থ প্ৰচাৰ কৰিছিল সামাজিক মাধ্যমত৷
Published by:Sanjay Kumar Das
First published: