• Home
  • »
  • News
  • »
  • assam
  • »
  • পুৱাই চান্দাৰ বহীখন লৈ ওলাই যায়..., নাজিৰাত সংগঠনৰ নামত চান্দা সংগ্ৰহ কৰা এজনক ৰাইজে ধৰি গতালে আৰক্ষীক

পুৱাই চান্দাৰ বহীখন লৈ ওলাই যায়..., নাজিৰাত সংগঠনৰ নামত চান্দা সংগ্ৰহ কৰা এজনক ৰাইজে ধৰি গতালে আৰক্ষীক

দেওবাৰে পুৱা ঘৰৰ পৰা ৰচিদৰ বহীখন লৈ ওলাই আহিছিল যুৱক ভাস্কৰ বৰুৱা৷ চিলাৰাই দিৱস উদযাপনৰ নামত দিনৰ দিনটো নাজিৰা নগৰত চান্দা সংগ্ৰহ কৰে৷

দেওবাৰে পুৱা ঘৰৰ পৰা ৰচিদৰ বহীখন লৈ ওলাই আহিছিল যুৱক ভাস্কৰ বৰুৱা৷ চিলাৰাই দিৱস উদযাপনৰ নামত দিনৰ দিনটো নাজিৰা নগৰত চান্দা সংগ্ৰহ কৰে৷

দেওবাৰে পুৱা ঘৰৰ পৰা ৰচিদৰ বহীখন লৈ ওলাই আহিছিল যুৱক ভাস্কৰ বৰুৱা৷ চিলাৰাই দিৱস উদযাপনৰ নামত দিনৰ দিনটো নাজিৰা নগৰত চান্দা সংগ্ৰহ কৰে৷

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতিৰ বিৰূদ্ধে সৰব হৈ উঠাৰ পিছতেই ৰাজ্যত চান্দা তুলিবলৈ গৈ ৰঙাঘৰত সোমাইছে ইজনৰ পিছত সিজন। এইবাৰ নাজিৰাত হিন্দু ফেডাৰেচনৰ নামত চান্দা তুলি আৰক্ষীৰ হাতত আটক হ’ল এজন যুৱক।

দেওবাৰে নিশা নাজিৰাত একাংশ ব্যৱসায়ীৰ পৰা হিন্দু ফেডাৰেচনৰ নামত কোনো ছীল–মোহৰ নথকা ৰচিদেৰে চান্দা সংগ্ৰহ কৰি থকা অৱস্থাত ভাস্কৰ বৰুৱা নামৰ এজন যুৱকক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। ভাস্কৰ বৰুৱাৰ ঘৰ শিৱসাগৰ আমোলাপট্টিত বুলি জানিব পৰা গৈছে।

দেওবাৰে পুৱা ঘৰৰ পৰা ৰচিদৰ বহীখন লৈ ওলাই আহিছিল যুৱক ভাস্কৰ বৰুৱা৷ চিলাৰাই দিৱস উদযাপনৰ নামত দিনৰ দিনটো নাজিৰা নগৰত চান্দা সংগ্ৰহ কৰে৷ নাজিৰাৰ আটাইতকৈ দামী বহ্মপুত্ৰ হোটেলত খাইছিল দিনৰ ভাতসাঁজ৷ নিশা আৰু কেইটামান টকা তুলি ঘৰলৈ যোৱাৰ সময়তে আৰক্ষীৰ হাতত আটক হল ভাস্কৰ৷ এয়া পিছে প্ৰত্যক্ষদৰ্শীয়ে কোৱা কথাহে৷ দিনত চান্দা সংগ্ৰহ কৰি থকাৰ সময়তে দুই এজনৰ সন্দেহ উপজিছিল ভাস্কৰৰ ওপৰত৷ কোনো ছীল–মোহৰ নথকা ৰচিদ বহীসহ আৰক্ষীয়ে নিশা ভাস্কৰক আটক কৰে৷

এনেকুৱা ল’ৰাবোৰক একেবাৰে ভাল নাপায় ছোৱালীয়ে, আপুনিও যদি তেনেকুৱা সলনি কৰক স্বভাৱ!


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি