পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ থানাৰ অন্তৰ্গত আৰ্লং কুণ্ডুত থকা গণেশ বাবাৰ শিলামূৰ্তিত এজন যুৱকে ভৰি থৈ ফটো উঠি সেই ফটো ফেচবুকত আপলোড কৰাৰ পিছত অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰ্লং কুণ্ডুৰ এই পৱিত্ৰ গণেশ বাবাৰ শিলামূৰ্তিত ভৰি থৈ ফটো উঠাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত কাৰ্বি ছাত্ৰ সন্থা, ৰজাগাঁও বজৰং দলৰ সদস্যৰ লগতে স্থানীয় ৰাইজে এই দুষ্কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বৈঠালাংছʼ আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
বৃহস্পতিবাৰে সংঘটিত ঘটনাৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক আজাগৌৰান বসুমতাৰীৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীয়ে যুৱকজনৰ সন্ধানত আৰম্ভ কৰিছিল অভিযান। ইয়াৰ মাজতে আজি নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ যৌথ অভিযানত কঁচুৱাৰ পৰা আৰবাচ খান ওৰফে গোলাম আব্বাছ পাটোৱাৰী নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
![]()
আৰক্ষীৰ প্ৰাথমিক তদন্তত ধৃত যুৱকজনৰ ঘৰ হোজাই জিলাৰ যমুনামুখৰ ভেৰভেৰী গাঁৱত বুলি জানিব পৰা গৈছে। ফলত যমুনামুখ থানাৰ আৰক্ষী বিষয়া বদন বৰাই ঘটনা সংক্ৰান্তত তদন্ত কৰি ধৃত যুৱকজনে আন তিনি সহযোগীৰ সৈতে গৈ তাত ফটো উঠি এই দুষ্কাৰ্য সংঘটিত কৰাৰ তথ্য উদ্ঘাটন কৰে। আৰক্ষীয়ে অতি তৎপৰতাৰে যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|