হাজোৰ শনিয়াদিত ক্ষুব্ধ জনতাই ধৰি-বান্ধি আৰক্ষীক গতালে এজন যুৱকক

নিচাসক্ত হৈ ঘৰত প্ৰৱেশ কৰাৰ বাবে নিজৰ কনিষ্ঠ ভাতৃ ছাইদুল হকৰ সৈতে সামান্য তৰ্ক–বিতৰ্ক হৈছিল ছইফুলৰ।
নিচাসক্ত হৈ ঘৰত প্ৰৱেশ কৰাৰ বাবে নিজৰ কনিষ্ঠ ভাতৃ ছাইদুল হকৰ সৈতে সামান্য তৰ্ক–বিতৰ্ক হৈছিল ছইফুলৰ।
- News18 Assam
- Last Updated: August 3, 2020, 11:14 AM IST
দেওবাৰে নিশাও নিচাসক্ত অৱস্থাত ছইফুলে প্ৰৱেশ কৰিছিল নিজৰ ঘৰত। নিচাসক্ত হৈ ঘৰত প্ৰৱেশ কৰাৰ বাবে নিজৰ কনিষ্ঠ ভাতৃ ছাইদুল হকৰ সৈতে সামান্য তৰ্ক–বিতৰ্ক হৈছিল ছইফুলৰ। এই তৰ্ক–বিতৰ্কৰ মাজতে নিচাসক্ত ছইফুলে নিজৰ ঘৰতে কনিষ্ঠ ভাতৃক চোকা দাৰে উপৰ্যুপৰি ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
এই ঘটনাৰ পিছতে সংকটজনক অৱস্থাত ছাইদুল হকক প্ৰথমে হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পিছত GMCHলৈ প্ৰেৰণ কৰা হয়। পিছদিনা ছইফুলক স্থানীয় ৰাইজে ধৰি–বান্ধি গতাই দিয়ে হাজো আৰক্ষীক। ছইফুলৰ পকেটত পোৱা গৈছে কেইবাটাও কফ ছিৰাপৰ বটল।