প্ৰেমিকাক ফাঁকি দি বিপদত পৰিল ‘লাকী’, পৰিচয় লুকুৱাই প্ৰেমৰ জালত পেলাইছিল হিন্দু কিশোৰীক, তাৰ পিছত...

জামুগুৰিহাটত এক্সকেভেটৰৰ চালক হিচাপে কাম কৰি থকা জাহিদুল কাজীয়ে নিজকে হিন্দু বুলি পৰিচয় দি কিশোৰীগৰাকীক অপহৰণ কৰি বৰপেটাৰ নিজ ঘৰলৈ আনিছিল৷
জামুগুৰিহাটত এক্সকেভেটৰৰ চালক হিচাপে কাম কৰি থকা জাহিদুল কাজীয়ে নিজকে হিন্দু বুলি পৰিচয় দি কিশোৰীগৰাকীক অপহৰণ কৰি বৰপেটাৰ নিজ ঘৰলৈ আনিছিল৷
- News18 Assam
- Last Updated: August 4, 2020, 10:45 PM IST
ইমানদিনে লাকী শৰ্মা বুলি ভাবি থকা যুৱকজনৰ ঘৰত উপস্থিত হৈ সকলো কথা জানিব পাৰি কিশোৰীগৰাকীয়ে সোমবাৰে পুৱতিনিশা পলায়ন কৰি গহিয়া গাঁৱৰ এজন বড়ো সম্প্ৰদায়ৰ লোকৰ ঘৰত আশ্ৰয় লয় ৷ পিছত সৰ্থেবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰে৷ তাৰ পিছতে যোৱানিশা বৰপেটাত উপস্থিত হোৱা জামুগুৰিহাট আৰক্ষীৰ হাতত কিশোৰীগৰাকীক চমজাই দিয়ে আৰক্ষীয়ে৷
ইপিনে কিশোৰীগৰাকীৰ অপহৰণৰ পিছতে জামুগুৰিহাট থানাত ৰুজু হোৱা গোচৰ মৰ্মে আজি জাহিদুলক সৰ্থেবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, জামুগুৰিহাট আৰক্ষীৰ লোক বৰপেটাত উপস্থিত হোৱাৰ পিছতেই ধৃত জাহিদুল কাজীক চমজাই দিয়া হ’ব৷