মুখ্যপৃষ্ঠা »খবৰ »অসম »‘মা মই জুবিনদাক লগ কৰিবলৈ যাওঁ’ – জুবিনক লগ ধৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল টংলাৰ যুৱক!

‘মা মই জুবিনদাক লগ কৰিবলৈ যাওঁ’ – জুবিনক লগ ধৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল টংলাৰ যুৱক!

জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত ফাঁকি দি আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল।

জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত ফাঁকি দি আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল।

জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত ফাঁকি দি আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল।

  • Share this:
আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডৰ মন জিলাত গ্ৰেপ্তাৰ হ’ল টংলাৰ বিকাশ ডেকা নামৰ এজন যুৱক। জানিব পৰা মতে, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক লগ ধৰিবলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই আহিছিল বিকাশ। কিন্তুৰ তাৰ পিছতে অসম ৰাইফল্ছৰ হাতত গ্ৰেপ্তাৰ হয় বিকাশ ডেকা।

যোৱা মঙলবাৰৰ পৰা নিখোঁজ হোৱা বিকাশ ডেকাৰ ঘৰ টংলাৰ জলাহ গাঁৱত। আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডৰ মন জিলাত গ্ৰেপ্তাৰ হৈছিল তিনিজন যুৱক। তাৰ মাজৰে এজন বিকাশ ডেকা বুলি জানিব পৰা গৈছে।

চলন্ত ৰে’লৰ সন্মুখত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ মৃত্যুক সাবটিলে যুৱকে

সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহ থকা বিকাশ ডেকাই নাট্য কৰ্মী পবিত্ৰ ৰাভাৰ ʼআমাৰ গাঁৱতʼ জুবিন গাৰ্গক লগ পাইছিল। পৰিয়ালৰ লোকে জনোৱা মতে, মাজে মাজে জুবিন গাৰ্গক লগ ধৰিবলৈ গৈছিল বিকাশ।

আনহাতে, বিগত এবছৰ ধৰি গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰিছিল। আৰু সেইদিনাও জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত ফাঁকি দি আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল। কিন্তু নাগালেণ্ডত অসম ৰাইফল্ছৰ হাতত গ্ৰেপ্তাৰ হয় বিকাশ।

Assam News Today News in Assamese | Latest News in Assamese

শেহতীয়া বাতৰি