உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৩১ মাৰ্চৰ পূৰ্বে Aadhar Cardৰ সৈতে PAN card লিংক কৰক, অন্যথা কৰিব নোৱাৰিব বিত্তীয় লেনদেন

    ৩১ মাৰ্চৰ পূৰ্বে Aadhar Cardৰ সৈতে PAN card লিংক কৰক, অন্যথা কৰিব নোৱাৰিব বিত্তীয় লেনদেন

    আয়কৰ বিভাগে আধাৰৰ বিৱৰণৰ বিষয়ে আপোনাৰ নাম, জন্মৰ তাৰিখ আৰু লিংগ বৈধ কৰিব। আৰু লিংক কৰা হ'ব।

    আয়কৰ বিভাগে আধাৰৰ বিৱৰণৰ বিষয়ে আপোনাৰ নাম, জন্মৰ তাৰিখ আৰু লিংগ বৈধ কৰিব। আৰু লিংক কৰা হ'ব।

    আয়কৰ বিভাগে আধাৰৰ বিৱৰণৰ বিষয়ে আপোনাৰ নাম, জন্মৰ তাৰিখ আৰু লিংগ বৈধ কৰিব। আৰু লিংক কৰা হ'ব।

    • Share this:
    পেন কাৰ্ড (PAN card) আৰু আধাৰ কাৰ্ড (Aadhar card) লিংক কৰাৰ অন্তিম তাৰিখ চমু চাপিছে। বৰ্তমান সময়ত পেন, আধাৰ আদি অতিকৈ গুৰুত্বপূৰ্ণ নথি হিচাপে পৰিগণিত হৈছে। গতিকে যদি এতিয়াও আধাৰৰ সৈতে মেন কাৰ্ড লিংক কৰা নাই, তেন্তে কৰি লওক। কাৰণ আয় কৰ বিভাগে ৩১ মাৰ্চ, ২০২১ তাৰিখৰ ভিতৰত আধাৰৰ সৈতে পেন লিংক কৰাৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰিছে।

    লিংক কৰাত অসমৰ্থ হ’লে অক্ষম হৈ পৰিব আপোনাৰ পেন কাৰ্ড। যদি আপোনাৰ পেন আপোনাৰ আধাৰৰ সৈতে লিংক কৰা নহয়, তেন্তে ১ এপ্ৰিলৰ পৰা আপুনি কোনো বিত্তীয় লেনদেন কৰিব নোৱাৰিব। যদি আপুনি সময়সীমাৰ ভিতৰত এই দুটা নথিপত্ৰ লিংক কৰিবলৈ অসমৰ্থ হয়, আৰু আপোনাৰ পেন অক্ষম হৈ পৰে, তেনেহ’লে আয়কৰ আইনৰ ধাৰা 272B অনুসৰি ১০,০০০ টকালৈকে জৰিমনা ভৰিব লগীয়া হ'ব পাৰে।

    অনলাইনযোগে আপোনাৰ পেন কাৰ্ড আধাৰৰ সৈতে লিংক কৰিবলৈ, আপুনি আয়কৰ বিভাগৰ ই-ফাইলিং পোৰ্টেললৈ যাব পাৰে। তাত বাওঁফালে থকা লিংক- আধাৰ শাখাত ক্লিক কৰক।

    • আপুনি পেন নম্বৰ, আধাৰ নম্বৰ আৰু নাম ভৰ্তি কৰিব লাগিব।

    • ইয়াৰ পিছত কেপচা (Captcha) ভৰ্তি কৰক।

    • 'লিংক আধাৰ' বিকল্পত ক্লিক কৰক আৰু আপোনাৰ পেন আধাৰ লিংকিং সম্পূৰ্ণ হ'ব।


    আয়কৰ বিভাগে আধাৰৰ বিৱৰণৰ বিষয়ে আপোনাৰ নাম, জন্মৰ তাৰিখ আৰু লিংগ বৈধ কৰিব। আৰু লিংক কৰা হ'ব।

    এতিয়া আপুনি এছএমএছৰ জৰিয়তেও আধাৰ পেন লিংক কৰিব পাৰিব। আধাৰৰ সৈতে পেন লিংক কৰিবলৈ আপোনাৰ পঞ্জীয়ন কৰা ম’বাইল নম্বৰৰ পৰা 567678 বা 56161 নম্বৰত এটা এছএমএছ প্ৰেৰণ কৰিব লাগিব। আপুনি এছ.এম.এছ.-ত UIDPAN টাইপ কৰিব লাগিব। তাৰ পিছত স্পেচ দিয়ক আৰু ১২ সংখ্যাৰ আধাৰ নম্বৰ টাইপ কৰক। তাৰ পিছত স্পেচ দি ১০ সংখ্যাৰ পেন নম্বৰটো লিখক আৰু ইয়াক 567678 ত এটা এছএমএছ প্ৰেৰণ কৰক।

    যদি আপুনি পেন কাৰ্ড আৰু আধাৰ মেনুৱেলভাৱে (Manually) লিংক কৰিব বিচাৰে, আপুনি পেন সেৱা কেন্দ্ৰলৈ যাব পাৰে। আপুনি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে 'Annexure-I' প্ৰ পত্ৰ পূৰণ কৰিব লাগিব আৰু ইয়াৰ সৈতে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ এটা প্ৰতিলিপি জমা দিব লাগিব। অনলাইন সেৱাৰ বিপৰীতে, এই সেৱা বিনামূলীয়া নহয় আৰু এজন ব্যক্তিয়ে তেওঁলোকক নিৰ্ধাৰিত মাচুল পৰিশোধ কৰিব লাগিব।
    Published by:Himangshu Bhuyan
    First published: