Swiggy, Zomatoৰ পৰা খাদ্য অৰ্ডাৰ কৰে নেকি? খালী হ’ব আপোনাৰ পকেট

News18-Assam
Updated:June 26, 2019, 3:50 PM IST
Swiggy, Zomatoৰ পৰা খাদ্য অৰ্ডাৰ কৰে নেকি? খালী হ’ব আপোনাৰ পকেট
অনলাইন খাদ্য যোগানকাৰী কোম্পানীয়ে কেইবাবিধো খাদ্য সামগ্ৰীৰ দাম ৰেষ্টুৰেণ্টৰ দামতকৈ ৫ৰ পৰা ৫০ টকাপৰ্যন্ত বৃদ্ধি কৰিব।

অনলাইন খাদ্য যোগানকাৰী কোম্পানীয়ে কেইবাবিধো খাদ্য সামগ্ৰীৰ দাম ৰেষ্টুৰেণ্টৰ দামতকৈ ৫ৰ পৰা ৫০ টকাপৰ্যন্ত বৃদ্ধি কৰিব।

  • Share this:
যদি আপুনি অনলাইন কোম্পানীৰ পৰা খাদ্য অৰ্ডাৰ কৰে তেন্তে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। অনলাইন খাদ্য যোগানকাৰী কোম্পানী Swiggy, Zomato আদিৰ পৰা খাদ্য অৰ্ডাৰ কৰাসকলৰ খৰচ আৰু বাঢ়িব। কিয়নো অনলাইন খাদ্য যোগানকাৰী কোম্পানীয়ে কেইবাবিধো খাদ্য সামগ্ৰীৰ দাম ৰেষ্টুৰেণ্টৰ দামতকৈ ৫ৰ পৰা ৫০ টকাপৰ্যন্ত বৃদ্ধি কৰিব।

দেশজুৰি এই কোম্পানীসমূহে আউলেটসমূহৰ পৰা যোগান ধৰা খাদ্য সামগ্ৰীৰ প্ৰকৃত মূল্য বৃদ্ধি কৰিব। কোনো কোনো খাদ্য সামগ্ৰীত আউটলেটতকৈ ৫ৰ পৰা ৫০ টকাপৰ্যন্ত বৃদ্ধি হ’ব পাৰে। যদি আপুনি গুগলত বিচাৰি চায় তেন্তে জানিব পাৰিব অনলাইন খাদ্য যোগানকাৰী কোম্পানী আৰু হোটেলৰ মেনুত থকা দামৰ মাজৰ পাৰ্থক্য। যেতিয়া গ্ৰাহকে ৱেবছাইটৰ অৰ্ডাৰ অনলাইন টেগত ক্লিক কৰে, তেন্তে নিজে নিজে বৃদ্ধি হয় দাম।

সাধাৰণতে ৰেষ্টুৰেণ্টৰ মালিকে ডেলিভাৰী কৰা কোম্পানীসমূহক কমিছন দিয়ে। যাৰ বাবে দাম ১৫–৩৫ শতাংশ বৃদ্ধি হয়। অধিকাংশ ডাঙৰ ব্ৰেণ্ডৰ ৰেষ্টুৰেণ্টে খাদ্য যোগানকাৰী কোম্পানীক গ্ৰাহকৰ পৰা তেওঁলোকৰ মেনুতকৈ দাম বৃদ্ধিৰ অধিকাৰ প্ৰদান কৰিছে। এবাৰ ৰেষ্টুৰেণ্টৰ মালিকৰ পৰা দাম বৃদ্ধিৰ অনুমতি পালে ছুইগি আৰু জমেট’ৰ দৰে কোম্পানীৰ দাম বৃদ্ধি কৰাটো সহজ হৈ পৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি