যোৰহাট আৰক্ষীৰ বিৰুদ্ধে উঠিছে এক ভয়ংকৰ অভিযোগ। এগৰাকী উচ্চশিক্ষিত যুৱতী আৰু তেওঁৰ ভাতৃক আৰক্ষীয়ে সাত বস্তা ধান চুৰ কৰাৰ এক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । আনহাতে যুৱতীগৰাকী নিশা থানালৈ অহাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি ওৰেনিশা বৰহোলা থানাত ৰখা হৈছিল আৰু পিছদিনা জে'ললৈ প্ৰেৰণ কৰা হৈছিল। আনহাতে চুৰি ধান সৰবৰাহ কৰাৰ অভিযোগত প্ৰায় ডেৰমাহ ধৰি যুৱতীগৰাকীৰ ছুইফ্ট হেটছবেক গাড়ীখন থানাত জব্দ কৰি থৈছিল আৰক্ষীয়ে।
যোৰহাটৰ বৰহোলা আৰক্ষীৰ (Jorhat Police) বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ফাৰহানা আহমেদ নামৰ যুৱতীগৰাকীয়ে। ফাৰহানাৰ মতে, তেওঁক আৰু তেওঁৰ ভাতৃক সাত বস্তা ধান চুৰি কৰাৰ এক ভুৱা গোচৰত থানালৈ মতা হৈছিল। যোৱা ১৬ ডিচেম্বৰৰ নিশা প্ৰায় ৮ বজাত বৰহোলা থানালৈ যোৱাৰ পিছত তেওঁৰ ভাতৃ আৰু তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি ফাৰহানাই জানিবলৈ দিছে।
মহিলা আৰক্ষী থানালৈ অহালৈকে তেওঁক বিভিন্ন কথাৰে হেঁচা দি মানসিক হাৰাশাস্তি কৰাৰ লগতে ভাতৃৰ ওপৰত চুৰি ধানৰ সন্ধান বিচাৰি তীব্ৰ শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে যুৱতীগৰাকীয়ে। আনহাতে থানাত গোচৰ দিয়া লোকজন সেই সময়ত থানাতে আছিল আৰু তেওঁলোকৰ গাড়ীখনৰ ভিতৰত কিছু ধান ছটিয়াই দিছিল বুলি জানিবলৈ দিছে ফাৰহানাই। ওৰেনিশা বৰহোলা থানাত পাৰ কৰাৰ পিছত পিছদিনা আৰক্ষীয়ে তেওঁলোকক জে'ললৈ প্ৰেৰণ কৰে। কিন্তু চুৰি হোৱা সাত বস্তা ধান আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে।
ফাৰহানা আহমেদ নামৰ উচ্চ শিক্ষিতা যুৱতীগৰাকী বিগত প্ৰায় ১৮ বছৰ ধৰি পুনে, মুম্বাই, বাংগালুৰু আদি ঠাইত কৰ্মৰত হৈ আছিল। ঘৰুৱা সমস্যাৰ বাবে বিগত এবছৰৰ পৰা বৰহোলাত আছেহি যুৱতীগৰাকী। অসমৰ বাহিৰত থকা সময়চোৱাত পুনে আৰক্ষীৰ হৈ কাম কৰা তথা কেতিয়াও কোনো গোচৰৰ সন্মুখীন হৈ নোপোৱা ফাৰহানাই যোৰহাটলৈ আহি শেহতীয়াকৈ আৰক্ষীৰ সৈতে যি অভিজ্ঞতাৰ সম্মুখীন হ'ল, সেয়া তেওঁ কেতিয়াও পাহৰিব নোৱাৰিব বুলি জানিবলৈ দিছে।
আনহাতে আৰক্ষীয়ে (Assam Police) জানিবলৈ দিয়া মতে, এজন দুখীয়া লোকে দিয়া এজাহাৰৰ ভিত্তিত তেওঁলোকে যুৱতীগৰাকী আৰু তেওঁৰ ভাতৃক চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। কিন্তু আৰক্ষীয়ে ভাবি চোৱা নাছিল যে এখন ছুইফ্ট হেটছবেক গাড়ীত সাত বস্তা ধান এগৰাকী যুৱতীয়ে নিব পাৰিবনে নাই। চুৰি হোৱা ধানখিনি উদ্ধাৰ কৰিবলৈ আৰক্ষী আজিও সক্ষম নহ'ল যদিও কেৱল সাক্ষীৰ ওপৰত নিৰ্ভৰ কৰিয়ে ভাতৃসহ ফাৰহানাক আৰক্ষীয়ে পিছদিনাই জে'ললৈ প্ৰেৰণ কৰিছিল।
এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ আৰু ভুৱা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি নিশা থানাত নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ পৰিয়ালত মাটিবাৰীক কেন্দ্ৰ কৰি চলি থকা এক বিবাদক লৈ যুৱতীগৰাকীৰ পৰা মাটি বিক্ৰীৰ এখন এনঅ'চিত চহী কৰোৱাবলৈ আৰক্ষীয়ে এই কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ তুলিছে যুৱতীগৰাকীয়ে। নিশা তেওঁলোকক থানাত ৰখা অৱস্থাৰ তথা থানাৰ বাহিৰত ৰখাই থোৱা গাড়ীখনৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি এই সমগ্ৰ ঘটনাৰ এক নিৰপেক্ষ তদন্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানলৈ অনুৰোধ জনাইছে ফাৰহানাই। মাত্ৰ কেইহাজাৰমান টকাৰ ধান চুৰিৰ অভিযোগত এগৰাকী যুৱতীক নিশা গ্ৰেপ্তাৰ কৰি ওৰেনিশা থানাত ৰাখি পিছদিনাই জে'ললৈ প্ৰেৰণ কৰা ঘটনাই যোৰহাট আৰক্ষীৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰিছে।
আনহাতে ধানখিনি উদ্ধাৰৰ বাবে আৰক্ষীয়ে ভাতৃসহ যুৱতীগৰাকীক কিয় পুনৰ জিম্মাত নিবিচাৰিলে বা আজিলৈকে ধানখিনি উদ্ধাৰ কৰিব নোৱাৰাটোৱে সমগ্ৰ ঘটনাটোৰ ওপৰতে সন্দেহৰ সৃষ্টি কৰিছে বুলি জানিবলৈ দিছে কেইবাগৰাকী অধিবক্তাই। আনহাতে অতি গুৰুত্বপূৰ্ণ কাৰণ নহ'লে কোনো মহিলাক আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিব নোৱাৰে বা কৰিলেও ইয়াৰ বাবে বিশেষ অনুমতিৰ প্ৰয়োজন হয়।
কিন্তু ধান চুৰিৰ এই গোচৰটোত যুৱতীগৰাকীক নিশা গ্ৰেপ্তাৰ কৰি পিছদিনাই জে'ললৈ প্ৰেৰণ কৰা ঘটনাটো আৰক্ষীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে কৰিছে বুলি সন্দেহ ব্যক্ত কৰিছে বহুজনে। আনহাতে জব্দ কৰা গাড়ীখনো বহু চেষ্টাৰ মূৰতহে আৰক্ষীৰ জিম্মাৰ পৰা লাভ কৰে যুৱতীগৰাকীয়ে। বৰ্তমান যুৱতীগৰাকীয়ে তেওঁৰ গাড়ীখনত থোৱা শৈক্ষিক মানপত্ৰসমূহৰ এডুকেচন কীটটো বিচাৰি পোৱা নাই বুলি জানিবলৈ দিছে। ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীয়ে এই সকলো ঘটনা অৱগত কৰি ইয়াৰ ওপৰত এক তদন্ত বিচাৰি আৰক্ষী সঞ্চালকপ্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।