உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শিৱসাগৰত ম'ৰেল পুলিচগিৰি, মোবাইল চুৰিৰ সন্দেহত অমানুষিক অত্যাচাৰ পিছৰে পৰা সন্ধানহীন যুৱক, চাঞ্চল্য

    শিৱসাগৰত ম'ৰেল পুলিচগিৰি, মোবাইল চুৰিৰ সন্দেহত অমানুষিক অত্যাচাৰ পিছৰে পৰা সন্ধানহীন যুৱক, চাঞ্চল্য

    একমাত্ৰ উপাৰ্জনকাৰী দুই সন্তানৰ পিতৃৰ সন্ধান নথকাত মূৰত সৰগ ভাঙি পৰিছে মাতৃ–পত্নীৰ।

    একমাত্ৰ উপাৰ্জনকাৰী দুই সন্তানৰ পিতৃৰ সন্ধান নথকাত মূৰত সৰগ ভাঙি পৰিছে মাতৃ–পত্নীৰ।

    একমাত্ৰ উপাৰ্জনকাৰী দুই সন্তানৰ পিতৃৰ সন্ধান নথকাত মূৰত সৰগ ভাঙি পৰিছে মাতৃ–পত্নীৰ।

    • Share this:

     ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচৰ ঘটনা। মৰেল পুলিচৰ নিৰ্যাতন দেখিলে গাৰ নোম শিহৰি উঠিব আপোনাৰ। জানিব পৰা মতে, দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কামাৰপাৰা গাঁৱৰ ১৬গৰাকী যুৱকে মিস্ত্ৰীৰ কাম কৰিবলৈ যায় শিৱসাগৰ জিলালৈ।


    পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, শিৱসাগৰত মিস্ত্ৰী কাম কৰিব যোৱা ১৬জনৰ মাজৰে  ছফিকুল ইছলাম নামৰ ২২ বছৰীয়া যুৱকজনক মোবাইল চুৰিৰ সন্দেহত হাত–ভৰি ৰছীৰে বান্ধি ঘৰৰ ভিতৰত  ওলমাই ১৫জন লোকে অমানৱীয়ভাৱে নিৰ্যাতন চলায়। সেই সময়ৰ পৰাই কোনোধৰণৰ সন্ধান নাই যুৱকজনৰ।


    সমগ্ৰ কাণ্ড মোবাইল ফোনত ভিডিঅ'ৰেকৰ্ড কৰে। উক্ত ভিডিঅ' মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে যদিও সন্ধান নাই  যুৱকজনৰ। শিৱসাগৰলৈ কাম কৰিবলৈ যোৱা খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কামাৰপাৰা গাঁৱৰ যুৱক ছফিকুল ইছলামৰ পৰিয়ালৰ লোকে উক্ত ঘটনাৰ খবৰ পাই শিৱসাগৰ জিলাৰ সোণাৰি থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে। উক্ত ঘটনাৰ লগত জড়িত অপৰাধীকেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱকজনক উদ্ধাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত আহ্বান জনাই পৰিয়ালৰ লোকে।


    আনহাতে সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ছফিকুল ইছলামৰ গাঁও পশ্চিম কামাৰপাৰা গাঁৱত। বৰ্তমানো সন্ধানহীন হৈ থকা যুৱকজনক উদ্ধাৰ কৰি দিয়াৰ লগতে সমগ্ৰ মৰেল পুলিচৰ ঘটনাৰ লগত জড়িত লোকসকলৰ  বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী দুই সন্তানৰ পিতৃ ছফিকুল ইছলাম সন্ধান নথকাত মূৰত সৰগ ভাঙি পৰিছে মাতৃ–পত্নীৰ।

    Published by:Gautam Barman
    First published: