உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Barpetaroad: বৰপেটাৰোডত ৬ যুৱকে গৈছিল মাছ মাৰিবলৈ, কিন্তু ঘূৰি আহিব নোৱাৰিলে এজন

    Barpetaroad: বৰপেটাৰোডত ৬ যুৱকে গৈছিল মাছ মাৰিবলৈ, কিন্তু ঘূৰি আহিব নোৱাৰিলে এজন

    বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁওত এই শোকাৱহ ঘটনা

    বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁওত এই শোকাৱহ ঘটনা

    বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁওত এই শোকাৱহ ঘটনা

    • Share this:
    বুধবাৰে দুপৰীয়া বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁওত এই শোকাৱহ ঘটনা সংঘটিত হয়। একে গাঁওৰে সমনীয়াৰ স'তে পথাৰত মাছ মাৰিবলৈ আহিছিল ৬ যুৱক  ক্ৰমে বিতল সূত্ৰধৰ, চিৰঞ্জীৱ সূত্ৰধৰ, অনন্ত সুত্ৰধৰ, শিৱা বিশ্বাস, নেপাল সূত্ৰধৰ আৰু সমৰ ক্ষত্ৰিয়।

    ইয়াৰে সমৰ ক্ষত্ৰিয় নামৰ যুৱকজন দ পুখুৰীত পৰি পাৰলৈ উঠি আহিব নোৱাৰি ঘটনাস্থলীতে মৃত্যুমুখত পৰে। তাৰ পিছতে ঘটনাৰ খবৰ শুনি গাঁওবাসী ঘটনাস্থলীত  উপস্থিত হয় আৰু শিমলাগুৰি আৰক্ষী পহৰা চকীত খবৰ দিয়াত আৰক্ষীৰ দল উপস্থিত হয়।

    আৰক্ষীৰ উপস্থিতিত ৰাইজে উদ্ধাৰ অভিযানত নামি পৰে। প্ৰায় দুঘণ্টা সময় পুখুৰীত ৰাইজে অভিযান চলাই অৱশেষত পানীৰ তলৰ পৰা যুৱকজনক উদ্ধাৰ কৰে। তাৰ পিছতে ততাতৈয়াকৈ বৰপেটাৰোড চিকিৎসালয়লৈ (Barpetaroad) লৈ যায় যদিও চিকিৎসকে যুৱকজন মৃত বুলি জানিবলৈ দিয়ে।
    Published by:Gautam Barman
    First published: