মৰ্মান্তিক! প্ৰথম বিবাহ বাৰ্ষিকীৰ উপহাৰ লৈ ঘৰলৈ আহোঁতে মৃত্যু যুৱকৰ

ৰাজপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ পিছতে চিটিকি পৰে প্ৰাঞ্জল। ৰাজপথতে মৃত্যুক সাৱটি লয় প্ৰাঞ্জলে।

news18assam
Updated:June 6, 2019, 2:38 PM IST
মৰ্মান্তিক! প্ৰথম বিবাহ বাৰ্ষিকীৰ উপহাৰ লৈ ঘৰলৈ আহোঁতে মৃত্যু যুৱকৰ
ৰাজপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ পিছতে চিটিকি পৰে প্ৰাঞ্জল। ৰাজপথতে মৃত্যুক সাৱটি লয় প্ৰাঞ্জলে।
news18assam
Updated: June 6, 2019, 2:38 PM IST
কৃষ্ণ শইকীয়া, চামগুৰিঃ অতি হেপাঁহেৰে মৰমৰ পত্নীলৈ বুকুতে বান্ধি অনা প্ৰথম বিবাহ বাৰ্ষিকীৰ উপহাৰ আৰু দিয়া নহ’ল প্ৰাঞ্জলৰ। বাইকত ঘৰলৈ উভতা প্ৰাঞ্জল চামগুৰিৰ ৰঙাগৰাত নিশা সংঘটিত এক দুৰ্ঘটনাত পতিত হয়।  ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুণ্ডা মাৰি চিটিকি পৰে বন্ধুৰ সৈতে বাইকত ঘৰলৈ উভতা প্ৰাঞ্জল। ৰাজপথতে থিতাতে নিহত হয় প্ৰাঞ্জল প্ৰধান । চামগুৰিৰ আমলখিৰ যুৱকজনে পত্নীৰ বাবে বিবাহবাৰ্ষিকীৰ উপহাৰ কিনিবলৈ ওলাই আহিছিল। নিয়তিৰ পৰিহাস উপহাৰৰ সৈতে ঘৰখনলৈ উভতিল প্ৰাঞ্জলৰ নিথৰ দেহ। গুৰুতৰভাবে আহত হয় প্ৰাঞ্জলৰ সৈতে যোৱা বিনয় বেহেৰা নামৰ লোক জন। সংকটজনক অৱস্থাত তেওঁক ততালিকে প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ। 

 

পত্নীৰ বাবে আমনিৰ পৰা উপহাৰ লৈ বন্ধু বিনয়ৰ সৈতে এ এছ -১২ ডব্লিউ -৪৩৯৭ নম্বৰ আপাচি বাইকেৰে আমলখি বাগিচাস্থিত নিজ ঘৰলৈ আহি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

ইফালে জানিব পৰা মতে স্থানীয় ৰাইজে জনোৱা অনুসৰি ৰঙাগড়া তিনিআলিৰ সমীপত যান্ত্ৰিক বিজুতিৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ৰখাই থোৱা এ এছ -০৭ চি -০৭২৫ নম্বৰৰ এখন ট্ৰাকত পিছফালৰ পৰা প্ৰাঞ্জলৰ বাইকে খুন্দা মাৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি