உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এগৰাকী অদম্য সাহসী অসমীয়া যুৱতী, বহুতৰ বাবে প্ৰেৰণা হৈ পৰা SMA যোদ্ধা শৰ্মিষ্ঠাক প্ৰয়োজন আপোনাৰ সহায়ৰ

    এগৰাকী অদম্য সাহসী অসমীয়া যুৱতী, বহুতৰ বাবে প্ৰেৰণা হৈ পৰা SMA যোদ্ধা শৰ্মিষ্ঠাক প্ৰয়োজন আপোনাৰ সহায়ৰ

    মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে আহ্বান জনালে শৰ্মিষ্ঠাৰ শুভাকাংক্ষীয়ে

    মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে আহ্বান জনালে শৰ্মিষ্ঠাৰ শুভাকাংক্ষীয়ে

    মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে আহ্বান জনালে শৰ্মিষ্ঠাৰ শুভাকাংক্ষীয়ে

    • Share this:

    এগৰাকী অদম্য সাহসী অসমীয়া। অতি কম বয়সতে বহুতৰ বাবে অনুপ্ৰেৰণা হৈ এইগৰাকী অসমীয়া জীয়ৰীয়ে জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছতো লিখি উলিয়াইছে বহুকেইখন জনপ্ৰিয় গ্ৰন্থ। মাত্ৰ ৪ বছৰ বয়সতে Spinal Muscular Atrophy চমুকৈ SMA নামৰ জটিল ৰোগত আক্ৰান্ত হৈছিল শৰ্মিষ্ঠা। এই ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলে সাধাৰণতে খোৱা-বোৱা, লৰ-চৰ কৰা, ডিঙি পোনাই ৰখা অথবা হাতেৰে গধুৰ বস্তু উঠোৱা আদি কাম কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।


    ইয়াৰ পিছতো শৰ্মিষ্ঠাই সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ পৰৱৰ্তী পৰ্যায়ত অৰ্থনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্জন কৰি উত্তীৰ্ণ হয়। নিজৰ জীৱনৰ ওপৰত লিখা আত্মকথা নামৰ গ্ৰন্থখনৰ জৰিয়তে বিখ্যাত হৈ পৰা শৰ্মিষ্ঠা প্ৰীতমে বিশ্বৰ এগৰাকী বিখ্যাত বক্তা নিক ভয়েচিচ, যিগৰাকী ব্যক্তি বিশেষভাৱে সক্ষম হোৱা সত্ত্বেও বহুতৰে জীৱনত আশা জাগ্ৰত কৰিছে, তেওঁৰ জীৱন সংগ্ৰামৰ ওপৰত 'অন্তহীন' নামৰ জনপ্ৰিয় গ্ৰন্থখনি লিখি উলিয়ায়।


    'ৰং', 'বলুকাত বিয়লি বেলা', 'পৰাণ নিগৰে' আদিৰ দৰে জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা শৰ্মিষ্ঠা প্ৰীতমে ২০১৫-১৬ ৰাজ্য চৰকাৰৰ সাহিত্য বঁটা লাভ কৰে। 'ৰং' নামৰ উপন্যাসৰ বাবে শৰ্মিষ্ঠাক প্ৰদান কৰা হয় "হোমেন বৰগোহাঞি বটা"।  ইয়াৰ উপৰি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় জলপানি, 'আত্মকথা' নামৰ গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা, দেৱছন্স  বিশেষ সাহিত্য প্ৰতিভা বঁটা, ৰাজ্য চৰকাৰৰ লেখক সম্বৰ্ধনা বঁটা, গীতাঞ্জলি বৰুৱা মিলি বঁটা, অক্লান্ত উত্তৰপুৰুষ বঁটা আৰু গিৰীন্দ্ৰনাথ গগৈ সোঁৱৰণী যুৱ-সাহিত্যিক বঁটা লাভ কৰে এইগৰাকী প্ৰতিভাশালী যুৱ সাহিত্যিকে।


    দুৰোৰোগ্য ব্যাধিত আক্ৰান্ত হোৱাৰ পিছতো শৰ্মিষ্ঠাই  দৈনিক ৩-৪ ঘণ্টাকৈ সাহিত্য-চৰ্চাত ব্যস্ত থাকে। পিছে সময়ৰ লগে লগে শৰ্মিষ্ঠা প্ৰীতম আৰু জটিলভাৱে এই ৰোগৰ গ্ৰাসত পৰিছে। বৰ্তমান ১০ মিনিট সময়ো লিখিব নোৱাৰা হ'ল শৰ্মিষ্ঠাই। একেদৰে আগৰ দৰে বেছি সময় বহি থাকিবও নোৱাৰে শৰ্মিষ্ঠাই। শৰ্মিষ্ঠাৰ ৰোগে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আহিছে এটা আশাৰ বতৰা। শৰ্মিষ্ঠা আক্ৰান্ত হোৱা Spinal Muscular Atrophy ৰোগ নিৰাময়ৰ বাবে ভাৰতৰ  Roche নামৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়াইছে Risdiplam নামৰ ঔষধবিধ।


    ইতিমধ্যে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অনুমোদন জনাইছে এইবিধ ঔষধত। ৫ বছৰ এইবিধ ঔষধ সেৱন কৰিলে শৰ্মিষ্ঠাই আৰোগ্য লাভ কৰিব এইবিধ ব্যাধিৰ পৰা। কিন্তু অতিব্যয়বহুল এই চিকিৎসা পদ্ধতি। এইবিধ ঔষধৰ এটা বটলৰ দামেই প্ৰায় ৬ লাখ টকা আৰু বছৰি এই ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ৭২ লাখ টকা।


    শৰ্মিষ্ঠা প্ৰীতমৰ দৰে এটি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা SMA ৰোগীৰ বাবে এয়া যেন অসম্ভৱ। সেয়ে শৰ্মিষ্ঠা প্ৰীতমক সুস্থ কৰি তোলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাইছে সকলোৱে। শৰ্মিষ্ঠা প্ৰীতমৰ শুভাকাংক্ষীসকলে ইতিমধ্যে শৰ্মিষ্ঠাক সহায় কৰাৰ বাবে সামাজিক মাধ্যমতো ব্যাপক প্ৰচাৰ চলাইছে।


    শৰ্মিষ্ঠা প্ৰীতমক সহায় কৰিব বিচৰাসকলে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ৰহা শাখাৰ Sarmistha Pritam BaruahA/C No: 40400130731IFSC Code: SBIN0002103State Bank of IndiaRaha Branch, Nagaon এই একাউণ্টত আগবঢ়াব পাৰে ধনৰাশি। আনহাতে গুগল পে' কৰিব বিচৰাসকলে  9954854538 নম্বৰত সাহায্য প্ৰদান কৰিব পাৰে।


    Spinal Muscular Atrophy ৰ বিৰুদ্ধে শৰ্মিষ্ঠাৰ এই যুঁজত আমি সকলোৱে যদি অংশীদাৰ হওঁ শৰ্মিষ্ঠাৰ বিজয় নিশ্চিত। আহক আমি সকলোৱে একলগ হৈ এইগৰাকী প্ৰতিভাৱান অসমীয়াক এটি নতুন জীৱন দিয়াৰ চেষ্টাত ব্ৰতী হওঁ।

    Published by:Gautam Barman
    First published: